অসম

assam

ETV Bharat / state

চাপৰত শতাধিক ৰে’ল শ্ৰমিক আৰু উপ ঠিকাদাৰৰ প্ৰতিবাদ - প্ৰতিবাদ

ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাৰ চাপৰত শতাধিক ৰে’ল শ্ৰমিক আৰু উপ ঠিকাদাৰৰ প্ৰতিবাদ । নিজৰ প্ৰাপ্য ধন আৰু মজুৰি বিচাৰি এই প্ৰতিবাদ । ধন নাপালে চিপজৰী লৈ ৰে’লৱে দলঙত আত্মজাহৰ হুংকাৰ । ঠিকাদাৰ চন্দন ডেকা আৰু ৰহিজউদ্দিন আহমেদৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ শ্ৰমিক সকলৰ ।

চাপৰত শতাধিক ৰেলৱে শ্ৰমিক আৰু উপ ঠিকাদাৰৰ প্ৰতিবাদ
চাপৰত শতাধিক ৰেলৱে শ্ৰমিক আৰু উপ ঠিকাদাৰৰ প্ৰতিবাদ

By

Published : Feb 6, 2021, 10:55 PM IST

পূৱ বিলাসীপাৰা, ৬ ফেব্ৰুৱাৰী: ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাৰ চাপৰৰ ধীৰঘাটত শনিবাৰে শতাধিক শ্ৰমিক আৰু উপ-ঠিকাদাৰৰ প্ৰতিবাদ সাব্যস্ত কৰে । ময়নাগুৰিৰ পৰা যোগীঘোপা সংযোগী ৰে’লপথ নিৰ্মাণত এইসকল শ্ৰমিক আৰু উপ-ঠিকাদাৰে কাম কৰিছিল । কিন্তু তেওঁলোকে প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাত শনিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, ৰে’লপথ নিৰ্মাণ কাৰ্যত চাপৰ অঞ্চলৰ ছয়খনকৈ দলঙৰ উইং দেৱালৰ নিৰ্মাণৰ কামৰ উপ-ঠিকা লাভ কৰিছিল চাপৰৰ ধীৰঘাট অঞ্চলৰ একাংশ যুৱকে । নিজৰ ধন ব্যয় কৰি সম্পূৰ্ণ কৰিছিল এই নিৰ্মাণকাৰ্যৰ কাম ।

চাপৰত শতাধিক ৰে’ল শ্ৰমিক আৰু উপ ঠিকাদাৰৰ প্ৰতিবাদ

এই নিৰ্মাণকাৰ্যৰ ৮০ শতাংশ কাম সম্পূৰ্ণ হ'লে তেওঁলোকে প্ৰাপ্য ধন পাব বুলি আশ্বাস প্ৰদান কৰিছিল ঠিকাদাৰ তথা চাপৰৰ ধীৰঘাট অঞ্চলৰ দায়িত্ব থকা ৰে’ল বিভাগৰ অভিযন্তাই । সেইমৰ্মে ঠিকাদাৰ চন্দন ডেকা আৰু ৰহিজউদ্দিন আহমেদৰ সৈতে যুৱককেইজনৰ লগত চুক্তি হৈছিল । চুক্তি অনুসৰি, প্ৰায় ১ কোটি ৪৯ লাখ টকাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে । কিন্তু কাম সম্পূৰ্ণ হৈ যোৱাৰ পাচতো তেওঁলোকে প্ৰাপ্য ধনৰ পৰা বঞ্চিত হ'বলগীয়া হয় । অৱশেষত ঠিকাদাৰ চন্দন ডেকাই যুৱককেইজনৰ হাতত লক্ষাধিক টকাৰ আঠখনকৈ চেক শ্ৰমিকসকলক দিছিল যদিও সেইকেইখন বাউঞ্চ চেক বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত উপায়বিহীন হৈ শনিবাৰে ধীৰঘাটস্থিত ৰে’লপথৰ কাষত প্ৰতিবাদমুখৰ হৈ পৰে এইসকল লোক । প্ৰাপ্য ধনৰ পৰা বঞ্চিত এইসকল প্ৰতিবাদকাৰীয়ে তেওঁলোকৰ প্ৰাপ্য ধনৰ দাবী জনায় । তেওঁলোকৰ দাবী গ্ৰহন নকৰিলে আত্মজাহৰো হুংকাৰ প্ৰদান কৰে উপ ঠিকাদাৰ আৰু শ্ৰমিকসকলে ।

চাপৰত শতাধিক ৰেলৱে শ্ৰমিক আৰু উপ ঠিকাদাৰৰ প্ৰতিবাদ

লগতে পঢ়ক-প্ৰধানমন্ত্ৰীৰ সভাৰ আদৰণি তোৰণত লাগিল জুই

ABOUT THE AUTHOR

...view details