অসম

assam

ETV Bharat / state

বিলাসীপাৰাত সাংবাদিকক সম্বৰ্ধনা বিধায়ক অশোক কুমাৰ সিংহীৰ

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সাম্প্ৰতিক সময়ত দিন-ৰাতি একাকাৰ কৰা সাংবাদিকসকলে তেওঁলোকৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰা বুলি মন্তব্য কৰে বিধায়ক অশোক কুমাৰ সিংহীয়ে ৷

By

Published : May 18, 2020, 12:44 PM IST

East bilasipara MLA felicitated journalists
বিলাসীপাৰাত সাংবাদিকক সম্বৰ্ধনা বিধায়ক অশোক কুমাৰ সিংহীৰ

পশ্চিম বিলাসীপাৰা, 18মে': চিকিৎসক, স্বাস্থ্য কৰ্মী, প্ৰশাসনৰ সমান্তৰালভাৱে কৰ'ণাৰ বিৰুদ্ধে যুঁজ দি গৈছে সাংবাদিকসকলেও ৷ তাৰেই পৰিপ্ৰেক্ষিতত বিলাসীপাৰা প্ৰেছ ক্লাৱৰ নৱ নিৰ্বাচিত সভাপতি-সম্পাদকৰ লগতে প্ৰেছ ক্লাৱৰ সকলো সদস্য আৰু বিলাসীপাৰাৰ সাংবাদিক সকলক হেণ্ড ছেনিটাইজাৰ, কলম আদি বিতৰণ কৰাৰ লগতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই পূব বিলাসীপাৰা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে ৷ বিলাসীপাৰাৰ প্ৰেছ ক্লাৱত আয়োজিত এই সম্বৰ্ধনা সভাত উপস্থিত থাকি বিধায়কগৰাকীয়ে সংবাদিকসকলক কৰ'ণা যোদ্ধা বুলি অভিহিত কৰে ৷ ইয়াৰ উপৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সাম্প্ৰতিক সময়ত দিন-ৰাতি একাকাৰ কৰা সাংবাদিকসকলে তেওঁলোকৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰা বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে, সম্বৰ্ধনা সভাতে বিলাসীপাৰা প্ৰেছ ক্লাৱৰ উন্নয়নৰ বাবে আগন্তক দিনত সুদৃষ্টি ৰাখিব বুলিও প্ৰতিশ্ৰুতি দিয়ে বিধায়ক অশোক কুমাৰ সিংহীয়ে ৷

বিলাসীপাৰাত সাংবাদিকক সম্বৰ্ধনা বিধায়ক অশোক কুমাৰ সিংহীৰ

ABOUT THE AUTHOR

...view details