অসম

assam

ETV Bharat / state

ধুবুৰীৰ বাঙালীপাৰাত অচিৰেই নিমাৰ্ণ হ'ব মিনি ষ্টেডিয়াম - a mini stadium will build in bangalipara

পূব বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীৰ ঘোষণা, বিলাসীপাৰাৰ বঙালীপাৰাত শীঘ্ৰে নিৰ্মাণ কৰা হ'ব এখন মিনি ষ্টেডিয়াম ৷

বাঙালীপাৰাত অচিৰেই নিমাৰ্ণ হ'ব মিনি ষ্টেডিয়াম

By

Published : Nov 4, 2019, 9:25 AM IST

বিলাসীপাৰা, 4 নৱেম্বৰ:বিলাসীপাৰা মহকুমাৰ বাঙালীপাৰাত অচিৰেই নিৰ্মাণ কৰা হ'ব এখন মিনি ষ্টেডিয়াম ৷ বাঙালীপাৰা খেল পথাৰত দেওবাৰে বিয়লি আতৰ আলী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰি এইদৰে ঘোষণা কৰে পূব বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে | বাঙালীপাৰা আঞ্চলিক উন্নয়ন সমিতি আৰু পুঁথিভৰালে আয়োজন কৰা এই ফুটবল প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা মুঠ আঠটাকৈ দল অংশ গ্ৰহণ কৰে ৷ উল্লেখ্য যে চূড়ান্ত খেলত বিজয়ী দলক নগদ ২৫ হাজাৰ টকা সহ ট্ৰফী আৰু বিজিত দলক নগদ ২০ হাজাৰ টকা সহ ট্ৰফী নিজ পিতৃৰ সোঁৱৰণত আগবঢ়াব আনন্দনগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ সভাপতি জামাল হকে |

ধুবুৰীৰ বাঙালীপাৰাত অচিৰেই নিমাৰ্ণ হ'ব মিনি ষ্টেডিয়াম

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details