পূৱ বিলাসীপাৰা, ২৩ অক্টোবৰ: সকলো পূজা সমিতিয়ে জাক-জমকতা পৰিহাৰ কৰি কেৱল ধৰ্মীয় আনুষ্ঠানিকতৈ ৰক্ষা কৰি আয়োজন কৰিছে দুৰ্গা পূজা ৷ এইবাৰ শাৰদীয় দুৰ্গোৎসৱত নাই পূৰ্বৰ উচাহ ৷ আগৰ দৰে এইবাৰ পূজা উপলক্ষে নাথাকিব মেলা বা অস্থায়ী দোকানো ৷ কিন্তু জাক-জমকতা নহ'লেও, জন সমাগম নহ'লেও ক‘ভিড প্ৰট'কল মানি সকলো পূজা সমিতিয়েই আগবাঢ়ি আহিছে দুৰ্গা দেৱীৰ স্তুতিৰ বাবে ৷ চৰকাৰে জাৰি কৰা নিয়ম অনুসৰিয়েই মঙলদৈতো সীমিত কাৰ্যসূচী আৰু লোকেৰে দেখিবলৈ পোৱা গ'ল পূজাৰ আনুষ্ঠানিকতা ৷
অনুষ্টুপীয়া কাৰ্যসূচীৰে বিলাসীপাৰাত দুৰ্গা পূজা পালন - বিলাসীপাৰাত দুৰ্গা পূজা পালন
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে পূৱ বিলাসীপাৰাৰ ঐতিহাসিক চাপৰ দুৰ্গা মন্দিৰত অনুষ্ঠিত হোৱা ১২২ তম সাৰ্বজনীন দুৰ্গা পূজা থলীত নাই ভক্ত প্ৰাণ ৰাইজৰ ভিৰ । সম্পূৰ্ণ কভিভ প্ৰট'কল মানি অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে শাৰদীয় দূৰ্গা পূজা।
অনুষ্টুপীয়া কাৰ্যসূচীৰে বিলাসীপাৰাত দুৰ্গা পূজা পালন
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে পূৱ বিলাসীপাৰাৰ ঐতিহাসিক চাপৰ দুৰ্গা মন্দিৰত অনুষ্ঠিত হোৱা ১২২ তম সাৰ্বজনীন দুৰ্গা পূজা থলীত নাই ভক্ত প্ৰাণ ৰাইজৰ ভিৰ ।
সম্পূৰ্ণ ক’ভিড প্ৰট'কল মানি অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা। পূজা সমিতিয়ে ব্যতিক্ৰম ভাৱে ভক্ত প্ৰাণ ৰাইজৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰাৰ লগতে হেণ্ড চেনিটাইজ, থাৰ্মেল পৰীক্ষা কৰিহে ৰাইজক মন্দিৰত প্ৰবেশ কৰিবলৈ দিয়া পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক: অনুষ্টুপীয়া কাৰ্যসূচীৰে দৰঙত দুৰ্গা পূজা পালন