অসম

assam

ETV Bharat / state

আধুনিকতাক প্ৰশ্ৰয় নিদি ধুবুৰীত আধ্যাত্মিকভাৱে দূৰ্গাপূজা উদযাপন

আধুনিকতাক প্ৰশ্ৰয় নিদি আধ্যাত্মিক ভাৱে দূৰ্গাপূজা উদযাপন কৰা হয় ধুবুৰীত ৷ ধুবুৰীৰ গৌৰীপুৰৰ ঐতিহাসিক ৰাজবাৰীৰ দুর্গাপূজাত কুঁহিলাৰে দূৰ্গা প্ৰতিমা নিৰ্মাণ কৰি এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷

By

Published : Oct 25, 2020, 12:00 PM IST

Durga Puja Celebrete In Dhubri
আধুনিকতাক প্ৰশ্ৰয় নিদি ধুবুৰীত আধ্যাত্মিকভাৱে দুৰ্গাপূজা উদযাপন

ধুবুৰী, 25 অক্টোবৰ : ৰাজ্যৰ অন্য জিলাৰ লগতে ধুবুৰী জিলাতো ক'ভিড প্ৰট'কল পালন কৰি অনুষ্টুপীয়াকৈ দূৰ্গাপূজা পালন কৰা হয় ৷ আধুনিকতাক প্ৰশ্ৰয় নিদি আধ্যাত্মিক ভাৱে দূৰ্গাপূজা উদযাপন কৰা হয় ধুবুৰীত ৷ ধুবুৰীৰ গৌৰীপুৰৰ ঐতিহাসিক ৰাজবাৰীৰ দূর্গাপূজাত কুঁহিলাৰে দূৰ্গা প্ৰতিমা নিৰ্মাণ কৰি এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷

আধুনিকতাক প্ৰশ্ৰয় নিদি ধুবুৰীত আধ্যাত্মিকভাৱে দুৰ্গাপূজা উদযাপন

উল্লেখযােগ্য যে, কুঁহিলাৰে দেৱী দূর্গাৰ মূর্তি নির্মাণ কৰাৰ সমান্তৰালভাৱে মহামায়া মন্দিৰৰ অষ্ট ধাতুৰে নির্মিত আন এক স্থায়ী মূর্তিৰাে পূজা কৰা হয় । ইপিনে, বলি প্রথা আৰু থলুৱা সংস্কৃতিক জীয়াই ৰাখি ধৰ্মক গুৰুত্ব দিয়া গৌৰীপুৰৰ ৰাজবাৰীৰ পূজা আনতকৈ বহু পৃথক বুলি উল্লেখ কৰে ৰাজ পৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাই ।

লগতে পঢ়ক :কলগাছিয়া চাৰিআলিত পথ দুৰ্ঘটনা

ইপিনে, প্ৰশাসনে ক'ভিড প্ৰট'কলৰ নিৰ্দেশনা অনুযায়ী পূজা আয়োজন কৰা হৈছে এই ৰাজবাৰী পূজা মণ্ডপত । সকলোৱে মাস্ক পৰিধান কৰি দেৱী দূর্গাক পূজা অৰ্চনা কৰাৰ লগতে কৰ'ণা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰাৰ্থনা কৰিছে ৷ সমাজৰ আধুনিকতাৰ পৰা বহু আঁতৰত থাকি পৰম্পৰা ৰক্ষা কৰাৰ বিপৰীতে থলুৱা সংস্কৃতি জীয়াই ৰাখি যুগ যুগ ধৰি এইদৰেই পূজা অনুষ্ঠিত কৰি আহিছে গৌৰীপুৰৰ ৰাজ পৰিয়ালে ৷

লগতে পঢ়ক :পশ্চিম নলবাৰীৰ সাহপুৰ ৰাজঘাটত ১০১ সংখ্যক দূৰ্গা পূজা উদযাপন

ABOUT THE AUTHOR

...view details