বিলাসীপাৰা, ২৮ ছেপ্টেম্বৰ:শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ দুদিন (Durga Puja 2022 in Assam)। এনে সন্ধিক্ষণত সমগ্ৰ ৰাজ্যতে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ বন্দনাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে । অনুৰূপ ভাবে বিলাসীপাৰা মহকুমাতো (Durga puja at Bilashipara) চলিছে পূজাৰ প্ৰস্তুতি । মহকুমাটোৰ সীমান্তৱৰ্তী শক্তিৰ পীঠস্থান মা মহামায়া মন্দিৰতো শাৰদ বন্দনাৰ পুৰ্ণ প্ৰস্তুতি চলিছে(Durga puja in Mahamaya Temple)। পূজা উপলক্ষে মন্দিৰখন ন ৰূপত সজাই পৰাই তোলাৰ যুদ্ধকালীন প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ।
শক্তিৰ পীঠস্থান মা মহামায়া মন্দিৰটোত বিগত পাঁচ শ বছৰ ধৰি সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত উদযাপন কৰি অহা হৈছে দেৱী বন্দনা । মৃন্ময় মুৰ্তি অবিহনে ঘট স্থাপন কৰিয়েই উদযাপন কৰা হয় দশভূজাৰ বন্দনা । ইতিমধ্যে পূজাৰ যাবতীয় প্ৰস্তুতি পূৰ্ণ গতিত চলিছে বুলি সদৰি কৰিছে আয়োজক সমিতিয়ে । পৰম্পৰা অনুসৰি ষষ্ঠীত বেদীত ঘট স্থাপন কৰি পূজা আৰম্ভ কৰাৰ পিছত মহা নৱমীত দেৱীৰ চৰণত এক লাখ বলি নিবেদন কৰা হয় । এইবাৰ মহা নৱমীত মহ বলি দিয়া হ'ব বুলি মহামায়া মন্দিৰৰ পুজাৰীগৰাকীয়ে সদৰি কৰিছে ।