ধুবুৰী, 10 মে' : চৰকাৰী সাহায্যৰ নামত ধুবুৰীত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ৰেচন কাৰ্ড নথকা পৰিয়ালক চৰকাৰে বিতৰণ কৰা 1000 টকাৰ সাহায্য হিতাধিকাৰীৰ পৰিৱৰ্তে একাংশ আৰ্থিকভাবে ধনবন্ত লোকে লাভ কৰাৰ অভিযোগ গাঁওবাসীৰ ৷ গোলকগঞ্জৰ কাচখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত মধ্য কাচখানা গাঁৱত সংঘটিত হৈছে এই অনিয়ম ৷ ফলত দেওঁবাৰে গাঁওবাসীয়ে প্ৰাপ্য ধন বিচাৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷
প্ৰাপ্য ধন বিচাৰি ধুবুৰীত গাঁওবাসীৰ প্ৰতিবাদ - আৰ্থিকভাবে ধনবন্ত লোকে লাভ কৰাৰ অভিযোগ গাঁওবাসীৰ
লক্ ডাউন অব্যাহত থকাৰ সময়তে ধুবুৰীৰ গোলকগঞ্জৰ মধ্য কাচখানা গাঁৱৰ গাঁওবাসীয়ে সামাজিক দুৰত্ব বজাই সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ চৰকাৰী সাহায্য বিতৰণৰ নামত কাচখানা গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

প্ৰাপ্য ধন বিচাৰি ধুবুৰীত গাঁওবাসীৰ প্ৰতিবাদ
প্ৰাপ্য ধন বিচাৰি ধুবুৰীত গাঁওবাসীৰ প্ৰতিবাদ
আনকি উক্ত বিষয় সন্দৰ্ভত গাঁওবাসীয়ে অনতিপলমে বিভাগীয় কতৃপক্ষৰ হস্তক্ষেপত উচিত তদন্ত বিচাৰিছে ৷
প্ৰাপ্য ধন বিচাৰি ধুবুৰীত গাঁওবাসীৰ প্ৰতিবাদ
লগতে পঢ়ক : মাতৃ দিৱস বিশেষ : কোৱাৰেন্টাইন কেন্দ্ৰত কৰ্তব্যৰত মহিলাৰ মনৰ খবৰ !
Last Updated : May 10, 2020, 7:55 PM IST