অসম

assam

ETV Bharat / state

আজি বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব ডিএছপি যতীন দাসক

ধুবুৰী আৰক্ষীৰ জালত ছিণ্ডিকেটৰ খলনায়কৰ ৰূপত থকা খাকি পোচাকধাৰী অভিযুক্ত আৰক্ষী বিষয়া যতীন দাস । শীঘ্ৰেই ধুবুৰী আৰক্ষীৰ জালত পৰিব পাৰে ছিণ্ডিকেটৰ আন বহু লোক ।

dsp-jatin-das-arrested-for-involving-in-syndicate
আজি বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব ডিএছপি যতীন দাসক

By

Published : Jun 1, 2021, 3:51 PM IST

ধুবুৰী, 1 জুন : শীঘ্ৰেই ধুবুৰীৰ পৰা পুলিয়ে-পোঘালীয়ে উৎখাত হ’ব পাৰে ছিণ্ডিকেটৰাজ । গৰু, শিল, বালি, ব্ৰইলাৰকে ধৰি একাধিক ছিণ্ডিকেটৰ দুৱাৰমুখ হৈ পৰা ধুবুৰীত যোগদানৰ পিছতেই ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ । বিভিন্ন ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগত ধুবুৰী আৰক্ষীয়ে ইতিমধ্যে সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰফিকুল প্ৰামানিক নামৰ আন এজন লোকক কৰায়ত্ত কৰিছে ।

মঙলবাৰে দুয়োকে বিশেষ আদালতত হাজিৰ কৰাই পুনৰ নিজৰ জিম্মাত বিচাৰিব ধুবুৰী আৰক্ষীয়ে । এই কথা সদৰি কৰিছে ধুবুৰী জিলা নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে ।

আজি বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব ডিএছপি যতীন দাসক

আৰক্ষী বিষয়া যতীন দাসে ধুবুৰী জিলাত চলি থকা বিভিন্ন ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ বহু বিস্ফোৰক তথ্য ধুবুৰী আৰক্ষীয়ে লাভ কৰা বুলি জানিব পৰা গৈছে ৷ যদিও আৰক্ষীয়ে কি কি তথ্য লাভ কৰিছে সেয়া তদন্তৰ খাতিৰত সংবাদ মাধ্যমৰ আগত সদৰি কৰা নাই আৰক্ষী অধীক্ষক গৰাকীয়ে । কিন্তু মঙলবাৰে বিশেষ আদালতত হাজিৰ কৰাই আৰক্ষীৰ জিম্মাত নিয়াৰ পিছত ছিণ্ডিকেটৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিব বুলি জনায় জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ।

লগতে আন একাংশ লোকো ধুবুৰী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলিও এক ইংগিত দিছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ ইপিনে গ্ৰেপ্তাৰ হোৱা যতীন দাসে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, তেওঁক কিহৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে সেয়া তেওঁ অৱগত নহয় ।

উল্লেখ্য যে, ধুবুৰী জিলাত গৰুৰ চোৰাং ছিণ্ডিকেটৰ লগতে শিল, বালি আৰু ব্ৰইলাৰ ছিণ্ডিকেটকে ধৰি একাধিক ছিণ্ডিকেটৰ বাবে দুৱাৰমুখ হিচাপে চিহ্নিত হৈ পৰিছে ভাৰত বাংলা সীমান্ত আৰু অসম বংগ সীমান্তৱৰ্তী ধুবুৰী জিলা । লক্ষণীয় বিষয় যে, সুদীৰ্ঘ প্ৰায় ত্ৰিশ বছৰৰ পৰা ধুবুৰী জিলাত নিযুক্ত হৈ থাকি কিছুদিন পূৰ্বে চক্ৰ আৰক্ষী বিষয়াৰ পৰা ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক (সীমান্ত) হিচাপে পদোন্নতি লাভ কৰে ।

আৰক্ষী বিষয়া গৰাকীয়ে সুদীৰ্ঘ বছৰে ধুবুৰীত নিযুক্ত হৈ থাকি আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ছিণ্ডিকেটৰ সৈতে জড়িত হৈ থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । অৱশেষত চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ প্ৰাকক্ষণত আৰক্ষীৰ হাততেই গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল উপ আৰক্ষী অধীক্ষক যতীন দাস ।

ডি এছ পি যতীন দাসৰ লগতে ৰফিকুল প্ৰামানিকক আজি বিশেষ আদালতত হাজিৰ কৰাব ধুবুৰী আৰক্ষীয়ে । পুৱা প্ৰায় চাৰে চাৰিমান বজাত ধুবুৰীৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছে ধুবুৰী আৰক্ষী ।

লগতে পঢ়ক: কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আনন্দ মিশ্ৰৰ

ABOUT THE AUTHOR

...view details