ধুবুৰী, 1 নৱেম্বৰঃ ধুবুৰীৰ মানকাচৰত নিচাযুক্ত দ্ৰব্যৰ সৈতে পুৰুষ-মহিলাসহ চাৰিজনক আটক ৷ মানকাচৰৰ ভাৰত-বাংলা সীমান্তত মাৰাত্মক ড্ৰাগছ সৰবৰাহত জড়িত হৈ পৰিছে একাংশ মহিলা ৷ সম্প্ৰতি ভাৰত-বাংলা সীমান্তৰে ড্ৰাগছ জাতীয় বিভিন্ন প্ৰকাৰৰ নিচা জাতীয় দ্ৰব্য বাংলাদেশলৈ চোৰাং কৈ চালান দিয়া এটা চক্ৰ সক্ৰিয় হৈ পৰিছে ৷ চক্ৰটোৱে এই অবৈধ বেহাত সহযোগী হিচাপে লৈছে একাংশ মহিলাক ৷ মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত মানকাচৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত যোৱা নিশা অভিযান চলাই ছাব্বিৰ হুছেইন নামৰ ধৃত ব্যৱসায়ীজনৰ ঘৰৰ পৰা নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আটক কৰে ৷ আটকাধীন সৰবৰাহকাৰী কেইজন মানকাচাৰৰ বিল্লাল খন্দকাৰৰ পুত্ৰ মহম্মদ হাছান খন্দকাৰ, আতাবৰ ৰহমানৰ পুত্ৰ জাৰ্জ মিঞা, জাৰ্জ মিঞাৰ পত্নী চায়না বেগম আৰু পলাতক ছাব্বিৰ হুছেইনৰ পত্নী আকলিমা হুছেইন ৷ বৰ্তমান মানকাচৰ আৰক্ষীয়ে সৰবৰাহকাৰী চাৰিজনক মাৰাথন জেৰা অব্যাহত ৰখাৰ লগতে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷
মানকাচৰত মহিলাসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক আটক - ভাৰত-বাংলা সীমান্তৰে ড্ৰাগছ সৰবৰাহ
ধুবুৰীৰ মানকাচৰত নিচাযুক্ত দ্ৰব্যৰ সৈতে মহিলাসহ চাৰিজনক আটক ৷ সম্প্ৰতি ভাৰত-বাংলা সীমান্তৰে ড্ৰাগছ জাতীয় বিভিন্ন প্ৰকাৰৰ নিচা জাতীয় দ্ৰব্য বাংলাদেশলৈ চোৰাং ভাৱে চালান দিয়া এটা চক্ৰ সক্ৰিয় হৈ পৰিছে ৷
![মানকাচৰত মহিলাসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক আটক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4930554-thumbnail-3x2-dhuburi.jpg)
মানকাচাৰত মহিলাসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক আটক
মানকাচাৰত মহিলাসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক আটক