ধুবুৰী,17 জুন:ৰাজ্যত এতিয়া ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে (Assam Police) ৷ জিলাই জিলাই ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ দল ৷ প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী (DRUGS PEDDLER) পৰিছে আৰক্ষীৰ জালত ৷
তাৰ সমান্তৰালভাৱে ধুবুৰী আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিভিন্ন অঞ্চলত । উল্লেখযোগ্য যে, ধুবুৰীৰ ৰৌৱা দ্বিতীয় খণ্ড গাঁওৰ সাহাদ আলী নামৰ এজন লোকে দীর্ঘ দিনৰে পৰা কৰি গৈছিল মাৰাত্মক ড্ৰাগছৰ বেহা । তেনে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে সাহাদ আলী নামৰ লোক জনৰ ঘৰত বৃহস্পতিবাৰে অভিযান চলায় ।