পূৱ বিলাসীপাৰা, 20 জুলাই :ৰাজ্যত তীব্ৰতৰ হৈ উঠিছে ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযান জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চাপৰতো আৰক্ষীয়ে চলাই ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷
মঙলবাৰে পুনৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ ড্ৰাগছ ৷ প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে আহি থকা এখন আল্ট্ৰা বাছত ড্ৰাগছ সৰবৰাহৰ গোপন তথ্য লাভ কৰে আৰক্ষীয়ে । সেই সূত্ৰে চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলেৰ নেতৃত্বত পুৱাৰে পৰা চাপৰ আৰক্ষীয়ে বহলপুৰৰ অস্থায়ী তালাচী চকীত অভিযান অধিক কটকটীয়া কৰি তোলে ।
অৱশেষত AS-01 EC-5274 নম্বৰৰ আলট্ৰা বাছখনত তালাচী চলোৱাত ব্ৰাউন চুগাৰখিনি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো ৷ বাছখনত তালাচী চলোৱাৰ সময়ত মূল সৰবৰাহকাৰীজনে আৰক্ষীৰ অভিযানৰ উমান পাই পলাই যাবলৈ সক্ষম হয় ৷ কিন্তু ঘটনা সন্দৰ্ভত আৰক্ষীৰ দলটোৱে আটক কৰে দুজন ব্যক্তিক ৷