পূৱ বিলাসীপাৰা,22 জুলাই: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে চাপৰত অভিযান চলাই আৰক্ষীয়ে হাতে লোটে আটক কৰে এজন নিচাযুক্ত টেবলেটৰ ব্যৱসায়ীক ৷ আটকাধীন ব্যৱসায়ীজন বঙাইগাঁও জিলাৰ খেলুপাৰাৰ পঞ্চম খণ্ডৰ গাঁৱৰ জাহানউদ্দিন বুলি জানিব পৰা গৈছে ৷ ধৃত জাহানউদ্দিনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত টেবলেট ৷
আৰক্ষীয়ে জনোৱা অনুসৰি চাপৰৰ পাখিৰিতল বজাৰৰ পৰা এখন প্লেটিনা বাইক সহ আটক কৰা হয় ধৃত ব্যক্তিজনক৷ আৰক্ষীয়ে জব্দ কৰা বাইকখনৰ নম্বৰ UP 14 AV 5317 বুলি জনাইছে আৰক্ষীয়ে ৷ আনহাতে ঘটনা স্থালীৰ পৰা পলায়ন কৰে আন এজন টেবলেটৰ ব্যৱসায়ী ৷ পলাতক জনৰ সন্ধানত বৰ্তমান অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷