গোলকগঞ্জ, 21 জুন : ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে গোলকগঞ্জ আৰক্ষীয়ে ৷ সোমবাৰে এক অভিযান চলাই পাঁচজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, গোলকগঞ্জ আৰক্ষীয়ে এই ড্ৰাগছ সৰবৰাহকাৰী কেইজন গৰু ব্যৱসায়ীৰ লগতো জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ জানিব পৰা মতে, অসম-বংগ সীমান্তৰ হালাকুৰাত এক গোপন সূত্ৰ পম খেদি অভিযান চলাইছিল গোলকগঞ্জ আৰক্ষীয়ে ৷
অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ পাঁচ সৰবৰাহকাৰীক আটক কৰেগোলকগঞ্জ আৰক্ষীয়ে ৷ ছাগলীয়াৰ পৰা হালাকুৰা অভিমুখে AS-01WB-2371 নম্বৰৰ এখন বাহনত আহি আছিল ড্ৰাগছ সৰবৰাহকাৰী কেইজন ৷ ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে আনোৱাৰ শ্বেখ, নছেৰুদ্দিন, আলী হুছেইন, আব্দুল কৰিম আৰু মনোজ ৰায় ৷ সৰবৰাহকাৰী পৰা 12 গ্ৰাম ব্ৰাউন চুগাৰ সহ 200 টা নিচা জাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে ৷