ধুবুৰী,৩১ জুলাই:সমগ্ৰ দেশজুৰি শনিবাৰে দাহন কৰা হয় NCB (Narcotics Control Bureau) তথা আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী (Seized Drugs burnt all over India) । দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ধুবুৰীতো দাহ কৰা হয় বিভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী(Drugs Disposal in Dhuburi) ।
ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত দাহ কৰা হয় নিচাজাতীয় কফছিৰাফ, টেবলেট, ব্ৰাউন ছুগাৰ আৰু গাঞ্জা আদি বিভিন্ন প্ৰকাৰৰ নিষিদ্ধ ড্ৰাগছ আৰু গাঞ্জা । বিগত এটা বছৰে জব্দ কৰা প্ৰায় ১.৫ কোটি টকাৰ ড্ৰাগছ আৰু গাঞ্জা শনিবাৰে দাহ কৰে আৰক্ষীয়ে । ড্ৰাগছ দাহন কাৰ্যসূচীত উপস্থিত থাকি আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে যে ড্ৰাগছৰ বিৰুদ্ধে সকলো সজাগ হ'বৰ হ'ল ।