গোলকগঞ্জত নিচাযুক্ত ঔষধসহ গ্ৰেপ্তাৰ দুজনক - drug seized at Golakganj
পশ্চিমবংগৰ পৰা ধুবুৰী অভিমুখে আহি থকা AS 17C/2360 নম্বৰৰ মেক্স ট্ৰাকখনৰ পৰা 400 বটল অবৈধ ফেন্সিডাইল আৰু 250টা নিচাযুক্ত টেবলেট উদ্বাৰ কৰে গোলকগঞ্জ আৰক্ষীয়ে ৷ আৰক্ষীয়ে বাহনখনৰ লগতে আজাদ হক আৰু মুনু ইছলাম নামৰ লোকদুজনক আটক কৰি থানালৈ লৈ যায় ৷
গোলকগঞ্জ, 13 নৱেম্বৰঃ গোলকগঞ্জত মেক্স ট্ৰাকসহ জব্দ নিচাযুক্ত ঔষধ ৷ উল্লেখ্য যে, পশ্চিমবংগৰ পৰা ধুবুৰী অভিমুখে আহি থকা AS 17C/2360 নম্বৰৰ মেক্স ট্ৰাকখনক গোলকগঞ্জ আৰক্ষীয়ে ৰতিয়াদহত ৰখাবলৈ নিৰ্দেশ দিয়ে । কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি ট্ৰাকখনে তীব্ৰগতিত পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীৰ সন্দেহ ওপজে ৷ আৰক্ষীয়ে তৎক্ষণাৎ বাহনখনক খেদি গোলকগঞ্জৰ নন্দিনীপাৰত আটক কৰিবলৈ সক্ষম হয় ৷ আটক কৰা মেক্স ট্ৰাকখনত তালাচী চলোৱাত 400 বটল অবৈধ ফেন্সিডাইল আৰু 250টা নিচাজাতীয় টেবলেট উদ্বাৰ কৰে ৷ আৰক্ষীয়ে বাহনখনৰ চালক আৰু এজনক আটক কৰি গোলকগঞ্জ থানালৈ লৈ যায় ৷ আটাকাধীন লোকদুজন ক্ৰমে আজাদ হক আৰু মুনু ইছলাম ৷