অসম

assam

ETV Bharat / state

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী অধীক্ষকৰ সজাগতা সভা

অবৈধ নিচা জাতীয় দ্ৰব্য আৰু অনৈতিক কাৰ্যক প্ৰতিৰোধৰ লক্ষ্যৰে দেওবাৰে বিলাসীপাৰাৰ নয়াহাটত উপস্থিত হয় ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ নিচাজাতীয় দ্ৰব্য আৰু অনৈতিক কাৰ্যৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্য আৰক্ষী অধীক্ষকগৰাকীৰ ৷

Drug Awareness Programme By Dhuburi SP
নিচাজাতীয় দ্ৰব্য বিৰুদ্ধে সজাগতা সভা ধুবুৰী আৰক্ষী অধীক্ষকৰ

By

Published : Sep 13, 2020, 4:52 PM IST

ধুবুৰী, 13 ছেপ্তেম্বৰ : দেওবাৰে বিলাসীপাৰাৰ নয়াহাটত অবৈধ নিচা জাতীয় দ্ৰব্য আৰু অনৈতিক কাৰ্যৰ বিৰুদ্ধে সজাগতা সভা ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ৷

নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ছফিউল আলম আজাদে আয়োজন কৰা সজাগতা সভাত নয়াহাট অঞ্চলৰ 36 খন গাৱঁৰ শ-শ পুৰুষ মহিলা উপস্থিত থাকে ৷ লগতে সভাত উপস্থিত থাকে সহকাৰী আৰক্ষী অধীক্ষক (প্ৰশিক্ষণৰত) সুশান্ত সিঙকে ধৰি জৰুৰীকালীন বিভাগ আৰু গাঁওৰক্ষী বাহিনীৰ বিষয়াববীয়াসকল ৷

সভাত আৰক্ষী অধীক্ষকগৰাকীয়ে অকল নয়াহাট অঞ্চলৰে নহয় ধুবুৰী জিলাৰ পৰা নিচা জাতীয় দ্ৰব্য আৰু অনৈতিক কাৰ্যক সমুলি উৎখ্যাত কৰিবলৈ পণ লয় ৷ এই ক্ষেত্ৰত ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় আৰু ৰাইজৰ সহায় কামনা কৰে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷

ধুবুৰী আৰক্ষী অধীক্ষকৰ সজাগতা সভা

লগতে চাওক-কৰিমগঞ্জত পথ নিৰ্মাণত গাফিলতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details