অসম

assam

ETV Bharat / state

শিক্ষা মন্ত্ৰীৰ মন্তব্যত ক্ষুব্ধ ধুবুৰীৰ টেট শিক্ষক - driver_controversy

শিক্ষা মন্ত্ৰীৰ বিতৰ্কিত মন্তব্যৰ পিছতেই ৰাজ্যৰ লগতে ধুবুৰীৰ সকলো টেট শিক্ষকে ফেচবুক একাউন্টত নিজৰ নামৰ আগত ড্ৰাইভাৰ লিখি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে । বুধবাৰে জিলাখনৰ টেট শিক্ষক সকলে একত্ৰিত হৈ শিক্ষা মন্ত্ৰী গৰাকীক শিক্ষা বিভাগৰ উন্নয়ন আৰু আমূল পৰিৱৰ্তনৰ ক্ষেত্ৰত ইতিবাচক চিন্তা নকৰি এনে টুলুঙা মন্তব্য নকৰিবলৈ সকীয়নি প্ৰদান কৰে ।

জাঙুৰ খাই উঠিছে টেট শিক্ষক !

By

Published : Jun 16, 2019, 2:48 PM IST

ধুবুৰী,১৬ জুনঃ ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই টেট শিক্ষকক ড্ৰাইভাৰৰ সৈতে তুলনা কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ হাজাৰ হাজাৰ টেট শিক্ষক। টেট শিক্ষকসকলৰ চাকৰিৰ সময়সীমা পাৰ হোৱাৰ পিছত পুনৰাই টেট পৰীক্ষাত অৱতীৰ্ণ হব লাগিব বুলি শিক্ষা মন্ত্ৰীয়ে কৰা মন্তব্যৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে টেট শিক্ষকসকলে । দেওবাৰে ধুবুৰী জিলাৰ টেট শিক্ষক সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱিষ্যতে এনে টুলুঙা মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ শিক্ষামন্ত্ৰীক আহ্বান জনালে । ইয়াৰ উপৰি টেট শিক্ষক আৰু শিক্ষা বিভাগ সম্পৰ্কে শিক্ষা মন্ত্ৰীৰ জ্ঞানৰ অভাৱ বুলি কোৱাৰ লগতে শিক্ষা মন্ত্ৰীৰ এই জ্ঞানৰ অভাৱ পূৰণ কৰাৰ বাবে পূৰ্বৰ শিক্ষা মন্ত্ৰীৰ পৰামৰ্শ লবলৈ আহ্বান জনালে শিক্ষা মন্ত্ৰীগৰাকীক ।

জাঙুৰ খাই উঠিছে টেট শিক্ষক !


উল্লেখযোগ্য যে, শিক্ষা মন্ত্ৰীৰ বিতৰ্কিত মন্তব্যৰ পিছতেই ৰাজ্যৰ লগতে ধুবুৰীৰ সকলো টেট শিক্ষকে ফেচবুক একাউন্টত নিজৰ নামৰ আগত ড্ৰাইভাৰ লিখি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে । বুধবাৰে জিলাখনৰ টেট শিক্ষক সকলে একত্ৰিত হৈ শিক্ষা মন্ত্ৰী গৰাকীক শিক্ষা বিভাগৰ উন্নয়ন আৰু আমূল পৰিৱৰ্তনৰ ক্ষেত্ৰত ইতিবাচক চিন্তা নকৰি এনে টুলুঙা মন্তব্য নকৰিবলৈ সকীয়নি প্ৰদান কৰে । চাকৰি নিয়মীয়াকৰণ নকৰিলে অহা ১৮ জুনত ৰাজ্যৰ আন আন জিলাৰ লগতে ধুবুৰী জিলাতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বিপৰীতে পৰৱৰ্তী সময়ত দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে টেট শিক্ষক সকলে ।

ABOUT THE AUTHOR

...view details