অসম

assam

ETV Bharat / state

সোপাধৰাৰ আতংক সমগ্ৰ ধুবুৰী - জিলা প্ৰশাসন

অন্ধ বিশ্বাসৰ প্ৰতি গুৰুত্ব নাৰাখি এখন সুস্থ সমাজ গঢ়াৰ বাবে সকলো ৰাইজকে আগবাঢ়ি আহিবলৈ আহ্বান ধুবুৰী আৰক্ষীৰ । অপপ্ৰচাৰ চলোৱা লোকৰ বিৰুদ্ধে কঠোৰ স্থিতি ধুবুৰী জিলা প্ৰশাসনৰ ।

সোপা ধৰাৰ আতংক সমগ্ৰ ধুবুৰী

By

Published : Apr 25, 2019, 9:59 PM IST

ধুবুৰী,২৫ এপ্ৰিলঃ সমগ্ৰ ধুবুৰী জিলাতে এতিয়া বিয়পি পৰিছে সোপাধৰাৰ আতংক । জিলা খনৰ বিভিন্ন অঞ্চলত মহিলা সহ কেইবাজনো নিৰপৰাধী লোকক আটক কৰি অন্যায় ভাবে মাৰপিট কৰে একাংশ ৰাইজে । এনে অন্ধ বিশ্বাসৰ অপপ্ৰচাৰৰ পিছত ৰাইজক অন্ধ বিশ্বাসক বিশ্বাস নকৰিবলৈ আৰক্ষীৰ ফালৰ পৰা বাৰম্বাৰ আহ্বান জনোৱাৰ সময়তে পুনৰ ধুবুৰী চহৰত অনুৰূপ ঘটনা সংঘটিত হয় । এজন সুৰাসক্ত যুৱকক সোপাধৰা বুলি প্ৰহাৰ কৰে ধুবুৰীৰ একাংশ অন্ধবিশ্বাসী লোকে । উল্লেখ্য যে, এন এছ ইউ আইৰ সদস্যৰ তৎপৰতাত কথমপি ৰক্ষা পৰে যুৱকজন । লগে লগে ন এছ ইউ আইৰ সদস্য কেইজনে উক্ত ঘটনাটি অৱগত কৰে আৰক্ষীক । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱক জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই এনে অপপ্ৰচাৰ বিয়পাই থকা লোকৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী কঠোৰ হোৱাৰ লগতে আৰক্ষীৰ তৰফৰ পৰা পঞ্জীয়ন কৰিছে এটা গোচৰ । ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত ৯ জন লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি উল্লেখ কৰে ধুবুৰী আৰক্ষীয়ে । ইপিনে জিলাৰ সকলো ৰাইজক এনে অন্ধ বিশ্বাসৰ প্ৰতি গুৰুত্ব নাৰাখি এখন সুস্থ সমাজ গঢ়াৰ বাবে সকলো ৰাইজকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে ধুবুৰী আৰক্ষীয়ে ।

সোপা ধৰাৰ আতংক সমগ্ৰ ধুবুৰী

ABOUT THE AUTHOR

...view details