অসম

assam

ETV Bharat / state

ধুবুৰীত এখন চাৰ্টিফিকেটৰ বাবে হাহাকাৰ আবেদনকাৰীৰ - ধুবুৰীত এখন চাৰ্টিফিকেটৰ বাবে হাহাকাৰ আৱেদনকাৰীৰ

শুকুৰবাৰে ধুবুৰীত চাকৰিৰ বাবে আবেদন কৰি এখন স্থায়ী বাসিন্দাৰ (Domicile Certificate) প্ৰমাণ পত্ৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে শতাধিক নিবনুৱাই । তাৰোপৰি জিলা উপায়ুক্তৰ অভব্য আচৰণনত অতিষ্ঠ বুলি অভিযোগ তোলো  আবেদনকাৰীসকলে

ধুবুৰী
ধুবুৰীত এখন চাৰ্টিফিকেটৰ বাবে হাহাকাৰ আবেদনকাৰীৰ

By

Published : Jan 3, 2020, 11:18 PM IST

ধুবুৰী, 3 জানুৱাৰীঃ এফালে হাজাৰ হাজাৰ নিবনুৱাক কৰ্ম সংস্থাপনৰ বিজ্ঞাপন । আনফালে চৰম প্ৰতাৰণা । শুকুৰবাৰে ধুবুৰীত চাকৰিৰ বাবে আবেদন কৰি এখন স্থায়ী বাসিন্দাৰ (Domicile Certificate) প্ৰমাণ পত্ৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে শতাধিক নিবনুৱাই । তাৰোপৰি জিলা উপায়ুক্তৰ অভব্য আচৰণনত অতিষ্ঠ বুলি অভিযোগ তোলো আবেদনকাৰীসকলে ।

ধুবুৰীত এখন চাৰ্টিফিকেটৰ বাবে হাহাকাৰ আবেদনকাৰীৰ


উল্লেখ্য যে, দুবছৰ পূৰ্বে এছ এছ চিৰ ফালৰ পৰা প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি, সমগ্ৰ দেশত বিভিন্ন সামৰিক আৰু অসামৰিকৰ মুঠ আঠটা বিভাগত মুঠ ৬০ হাজাৰ ২১০ টা পদৰ বাবে আবেদন বিচৰা হৈছিল । ইয়াৰে অসমৰ বাবে আছে ২৭৩১ টা পদ । ইতিমধ্যে লিখিত বাচনি পৰীক্ষা সম্পন্ন হোৱাৰ পিছত স্বাস্থ্য পৰীক্ষাৰ বাবে বাচনি তালিকাত অন্তৰ্ভুক্ত হৈছে ধুবুৰীৰ শতাধিক আবেদনকাৰী নিবনুৱা । কিন্তু স্বাস্থ্য পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত প্ৰত্যকৰে বাবে প্ৰয়োজন এখনকৈ স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ (Domicile Certificate) ৰ। সেইবাবে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ উক্ত প্ৰমাণ পত্ৰ খন বিচৰা হয় যদিও তেনে প্ৰমাণ পত্ৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰীভাবে নিষেধাজ্ঞা জাৰি কৰিছে বুলি উল্লেখ কৰে সংশ্লিষ্ট কৰ্তৃপক্ষই । তাৰ পিছতেই হাহাকাৰ লাগে আবেদনকাৰী সকলৰ মাজত । অভিযোগ অনুসৰি, ২০০৬ চনত চৰকাৰীভাবে নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি জিলাৰ সংশ্লিষ্ট কৰ্তৃপক্ষই জনাইছে যদিও একাংশ আবেদনকাৰীক তেনে প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে ।

ধুবুৰীত এখন চাৰ্টিফিকেটৰ বাবে হাহাকাৰ আবেদনকাৰীৰ

উল্লেখযোগ্য যে, সন্মুখত ১১ আৰু ১৮ জানুৱাৰীত এই সকল আবেদনকাৰী স্বাস্থ্য পৰীক্ষাৰ বাবে বাচনি হৈছে যদিও প্ৰমাণ পত্ৰখন নোপোৱাৰ বাবে অনিশ্চয়তাত এই সকল নিবনুৱাই । ইপিনে আশাসত হৈ আবেদনকাৰীসকলে জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ কাষ চাপে যদিও এই সকলক দুৰ্ব্যৱহাৰ কৰি আৰক্ষীৰ দ্বাৰা খেদি পঠিওৱা হৈছে বুলি অভিযোগ কৰে আবেদনকাৰীসকলে ।


আনহাতে, জিলা উপায়ুক্তই অভব্য আচৰণ কৰাৰ পাচত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত একপ্ৰকাৰ মৌন প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ'ল নিবনুৱা সকলৰ । প্ৰশ্ন হয়, এফালে চৰকাৰে হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীক বিভিন্ন বিভাগত কৰ্মসংস্থাপন দিয়াৰ বাবে ফুলঝাৰী মৰাৰ লগতে বিজ্ঞাপন দি অহাৰ সময়ত এখন প্ৰয়োজনীয় প্ৰমাণ পত্ৰৰ নামত চৰম প্ৰতাৰণা কৰাৰ অভিযোগ চৰকাৰী পক্ষৰ ।

আৰু পঢ়কঃ পশ্চিম বংগৰ আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ

For All Latest Updates

ABOUT THE AUTHOR

...view details