অসম

assam

ETV Bharat / state

ধুবুৰীত বালি ছিণ্ডিকেটৰ তদন্ত ঘোষণা জিলা উপায়ুক্তৰ - বলি মাফিয়াৰ চিণ্ডিকেট

লাখ লাখ টকাৰ ৰাজহ ফাঁকি দি বন বিষয়া কৰ্মচাৰীৰ লগত লগ হৈ ছিণ্ডিকেট চলাই যোৱাৰ বিৰুদ্ধে তৎপৰ হৈছে ধুবুৰী জিলা প্ৰশাসন ৷ ফুলবাৰী দলং নিৰ্মাণৰ ঠিকা লাভ কৰা এল এণ্ড টি নামৰ কোম্পানীটোক বালি যোগান ধৰাৰ নামত একাংশ বালি মাফিয়াই চলাই গৈছে অবৈধ ব্যৱসায় ৷ এখন চালানেৰে 12 ৰ পৰা 14 বাৰকৈ বালি কঢ়িওৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে তদন্তৰ ঘোষণা কৰিছে উপায়ুক্ত গৰাকীয়ে ৷

ধুবুৰীত বালি ছিণ্ডিকেটৰ তদন্ত ঘোষণা জিলা উপায়ুক্তৰ
ধুবুৰীত বালি ছিণ্ডিকেটৰ তদন্ত ঘোষণা জিলা উপায়ুক্তৰ

By

Published : Apr 13, 2021, 2:13 PM IST

ধুবুৰী,13 এপ্ৰিল : ধুবুৰীত বলি মাফিয়াৰ চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতা। বালিৰ চিণ্ডিকেটৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে তদন্তৰ ঘোষণা কৰিছে উপায়ুক্ত গৰাকীয়ে । ফুলবাৰী দলং নিৰ্মাণৰ ঠিকা লাভ কৰা এল এণ্ড টি নামৰ কোম্পানীটোক বালি যোগান ধৰাৰ নামত একাংশ বালি মাফিয়াই চলাই গৈছে অবৈধ ব্যৱসায় ৷ এখন চালানেৰে 12 ৰ পৰা 14 বাৰকৈ বালি কঢ়িওৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে তদন্তৰ ঘোষণা কৰিছে উপায়ুক্ত গৰাকীয়ে ৷

ধুবুৰীত বালি ছিণ্ডিকেটৰ তদন্ত ঘোষণা জিলা উপায়ুক্তৰ

উল্লেখ্যে যে, লাখ লাখ টকাৰ ৰাজহ ফাঁকি দি বন বিষয়া কৰ্মচাৰীৰ লগত লগ হৈ ছিণ্ডিকেট চলাই যোৱাৰ বিৰুদ্ধে তৎপৰ হৈছে জিলা প্ৰশাসন ৷ বন বিভাগৰ সহযোগত ধুবুৰীৰ ফাৰুক, জুৰান, দীপক আলী, মহিবুল আৰু লুইছৰ লগতে বৰপেটাৰ খাইৰুলৰ নেতৃত্বত ধুবুৰীত বৃহৎ বালিৰ চিণ্ডিকেটৰ লগতে মতিৰচৰ অঞ্চলৰ কেইবাটাও স্থানত ব্ৰহ্মপুত্ৰৰ বুকু খান্দি লাখ লাখ টকাৰ ৰাজহ ফাঁকি দিয়াৰ ব্যৱসায়ী সকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰিছে উপায়ুক্ত গৰাকীয়ে ৷

ধুবুৰীত বালি ছিণ্ডিকেটৰ তদন্ত ঘোষণা জিলা উপায়ুক্তৰ

লগতে পঢ়ক: মাজুলীৰ ক'ত অনুষ্ঠিত হ'ল বিহু আদৰণি অনুষ্ঠান ?

ABOUT THE AUTHOR

...view details