অসম

assam

ETV Bharat / state

বিলাসীপাৰাত প্ৰশাসনৰ অভিযানঃ জেচিবিসহ তিনিখন বালিভৰ্তি ট্ৰেক্টৰ জব্দ - বিলাসীপাৰাত প্ৰশাসনৰ অভিযানঃ জেচিবিসহ তিনিখন বালিভৰ্তি টেক্টৰ জব্দ

বিলাসীপাৰাত বন বিভাগ আৰু চক্ৰ বিষয়াৰ যৌথ অভিযান ৷ প্ৰশাসনৰ অভিযানত জব্দ দুখনকৈ জেচিবিসহ তিনিখন বালিভৰ্তি ট্ৰাক জব্দ ৷

district-administration-seized-jcb-along-with-sand-filled-tractor-at-bilasipara
বিলাসীপাৰাত প্ৰশাসনৰ অভিযানত জেচিবিসহ তিনিখন বালিভৰ্তি টেক্টৰ জব্দ

By

Published : Nov 30, 2019, 6:40 PM IST

Updated : Nov 30, 2019, 7:17 PM IST

ধুবুৰী, 30 নৱেম্বৰঃ শনিবাৰে বিলাসীপাৰা চক্ৰ বিষয়া আৰু বন বিভাগে চলোৱা এক অভিযান চলাই গৌৰাং নৈত অবৈধভাৱে বালি খনন কৰি থকা অৱস্থাত দুখনকৈ জেচিবিসহ তিনিখন বালিভৰ্তি ট্ৰাক জব্দ কৰে ৷ প্ৰাপ্ত তথ্যনুসৰি জব্দ কৰা বাহন কেইখন বিলাসীপাৰাত ৰেলপথ নিৰ্মাণত জড়িত নিৰ্মাণকাৰী সংস্থা M. K. Engineeringৰ বুলি জানিব পৰা গৈছে ৷ অভিযোগ অনুসৰি উক্ত সংস্থাটোই দিনে-নিশাই অবৈধভাৱে পাহাৰ খনন আৰু নদী খনন চলাই আহিছিল ৷

বিলাসীপাৰাত প্ৰশাসনৰ অভিযানঃ জেচিবিসহ তিনিখন বালিভৰ্তি ট্ৰেক্টৰ জব্দ

শেহতীয়াকৈ নিউ ময়নাগুৰী-যোগীঘোপা ৰেলপথ নিৰ্মাণকাৰী সংস্থা এম কে ইঞ্জিনিয়াৰিঙে অবৈধভাৱে গৌৰাং নৈত বালিৰ খনন কৰি আছিল |

আৰু পঢ়ক "স্বৰাজোত্তৰ অসম 1947-2019"- বিতৰ্কত সাংবাদিক মৃণাল তালুকদাৰ

Last Updated : Nov 30, 2019, 7:17 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details