অসম

assam

ETV Bharat / state

ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰীঃ তৎপৰ আৰক্ষী - ৰৌনক আলী হাজৰিকা

গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে আৰক্ষী সদায় সষ্টম ৷ কয়লাৰ ছিণ্ডিকেটৰ সৈতে আৰক্ষীৰ নাম সাঙুৰ খোৱা ঘটনাক বৈজ্ঞানিক বিশ্লেষণেৰে তদন্ত কৰাৰ আশ্বাস ডি আই জি ৰৌনক আলী হাজৰিকাৰ ৷

ছিণ্ডিকেটক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পাচতে তৎপৰ আৰক্ষী

By

Published : Jun 12, 2019, 10:17 PM IST

ধুবুৰী, 12 জুন : ৰাজ্যৰ লগতে ধুবুৰীত চলি থকা গৰুৰ লগতে শিল,কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পাচতেই এতিয়া তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাচতেই বুধবাৰে ধুবুৰীত উপস্থিত হয় অসম পশ্চিম সংমণ্ডলৰ আৰক্ষী উপ-মহাপৰিদৰ্শক ৰৌনক আলী হাজৰিকা ৷ ধুবুৰীত আৰক্ষী শীৰ্ষ বিষয়াৰ সৈতে বৈঠক মিলিত হয় আৰক্ষী উপ-মহাপৰিদৰ্শকগৰাকী ৷

ছিণ্ডিকেটক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পাচতে তৎপৰ আৰক্ষী


আৰক্ষীৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাচতে ধুবুৰী আৰু সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত উপস্থিত হোৱা ডি আই জি ৰৌনক আলী হাজৰিকাক ছিণ্ডিকেট আৰু চোৰাং কাৰবাৰ সম্পৰ্কে সাংবাদিকে প্ৰশ্নৰ উত্তৰত গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে আৰক্ষী সদায় সষ্টম হৈ থকাৰ লগতে ইতিমধ্যে ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ ভিন্ন স্থানত অভিযান চলাই ১২ জনকৈ চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে চোৰাং গৰু জব্দ কৰা হৈছে বুলি উল্লেখ কৰে ডি আই জি গৰাকীয়ে । ইপিনে গৰুৰ লগতে সোনাহাট বাণিজ্য কেন্দ্ৰৰ শিল কয়লাৰ ছিণ্ডিকেটৰ সৈতে আৰক্ষীৰ নাম সাঙুৰ খোৱা বুলি উত্থাপিত অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমগ্ৰ ঘটনা এক বৈজ্ঞানিক বিশ্লেষণেৰে তদন্ত কৰা হ'ব বুলি উল্লেখ কৰে তেওঁ ।

ABOUT THE AUTHOR

...view details