জোনাই, ১৮ জুলাই :ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰৰ সন্ধানত সোমবাৰে পুৱাৰে পৰা পুনৰ অৰুণাচলৰ চিয়াং নদীত চলিল জোনাই আৰু পাচিঘাটৰ SDRF বাহিনীৰ অভিযান ৷ বাতৰি যুগুত কৰা পৰলৈকে কোনো সন্ধানে পোৱা নাই দুই যুৱক শুভদ্বীপ পাল আৰু প্ৰসিদ্ধ সন্দিকৈৰ (Rescue operation in Chiang River in Arunachal Pradesh) ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে সন্ধানহীন দুই ছাত্ৰৰ আত্মীয়ও ৷
তথ্য অনুসৰি, দেওবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অৰুণাচলৰ পূৱ চিয়াং জিলাৰ সদৰ পাছিঘাটতত পাঁচজন ছাত্ৰই ফুৰিবলৈ আহিছিল ৷ তাৰ পাচত ছাত্ৰকেইজনে খৰস্ৰোতা চিয়াং নদীৰ বুকুত গা ধুৱলৈ নামিছিল (Students went down to bathe in Chiang River) ৷ পাচিঘাটৰ ৰানাঘাটত বন্ধুৰ সৈতে চিয়াঙত গা ধুই থকা অৱস্থাতে হঠাৎ নিখোজ হৈছিল গহপুৰৰৰ শুভদ্বীপ পাল আৰু ডিব্ৰুগড়ৰ প্ৰসিদ্ধ সন্দিকৈ ।
তাৰ পাচতে অঞ্চলটোত সৃষ্টি হৈছিল এক হুলস্থূলীয়া পৰিৱেশৰ ৷