অসম

assam

ETV Bharat / state

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত বন্ধ নাও চলাচল

ৰাজ্যত এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে বানে।   বানপানীৰ সময়ত গোৱালপাৰাত নাওঁ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই সতৰ্ক হৈছে ধুবুৰী জিলা প্ৰশাসন।  ইতিমধ্যে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুয়েদি বিপদ সীমাৰ ওপৰেৰে বানৰ পানী বৈ থকাৰ ফলত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত ব্যক্তিগত খণ্ডৰ নাওঁ অথবা লঞ্চৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে ।

By

Published : Jul 13, 2019, 3:53 AM IST

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত বন্ধ নাও চলাচল

ধুবুৰী 13 জুলাইঃ ৰাজ্যত এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে বানে। বানপানীৰ সময়ত গোৱালপাৰাত নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই সতৰ্ক হৈছে ধুবুৰী জিলা প্ৰশাসন। ইতিমধ্যে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুয়েদি বিপদ সীমাৰ ওপৰেৰে বানৰ পানী বৈ থকাৰ ফলত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত ব্যক্তিগত খণ্ডৰ নাও অথবা লঞ্চৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে । উল্লেখযোগ্য যে, ধুবুৰী জিলা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ফালৰ পৰা নদীৰ পানী বৃদ্ধি পোৱাৰ লগতে নাও চলাচলৰ ওপৰত এখন পত্ৰ লাভ কৰাৰ পিছতেই শুকুৰবাৰে জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে এখন জাননী যোগে নিৰ্দিষ্ট কাল লৈ বন্ধ কৰি দিয়ে নাওঁ অথবা লঞ্চৰ চলাচল ।

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত বন্ধ নাও চলাচল

দক্ষিণ শালমাৰা আৰু ধুবুৰী বিধান সভা সমষ্টিৰ লগতে মানকাচৰ সমষ্টিৰ লাখ লাখ জনতাৰ বহিঃবিশ্বৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম হৈছে এই নদীপথটো৷ নাওঁ অথবা লঞ্চৰ চলাচল বন্ধ কৰি দিয়াৰ পিছতেই উক্ত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ হাহাকাৰ সৃষ্টি হৈছে৷

ABOUT THE AUTHOR

...view details