ধুবুৰী, 23 ছেপ্টেম্বৰ: সোমবাৰে ঐতিহ্যমণ্ডিত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপক আব্দুল বাতেনলৈ ৰাষ্ট্ৰীয় সমতা পৰিষদৰ ফালৰ পৰা শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰীয় শিক্ষক ৰত্ন বঁটা প্ৰদান কৰা হয় ।
ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপক আব্দুল বাতেনলৈ শিক্ষক ৰত্ন বঁটা
ৰাষ্ট্ৰীয় সমতা পৰিষদৰ ফালৰ পৰা শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰীয় শিক্ষক ৰত্ন বঁটা প্ৰদান ৷ ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত বিগত প্ৰায় বিশ বছৰে অধ্যাপনা কৰা শিক্ষাবিদ আব্দুল বাতেনলৈ স্বীকৃতি ৷
দেওবাৰে ৰাষ্ট্ৰীয় সমতা পৰিষদৰ উদ্যোগত পশ্চিম বংগৰ কলকাতাৰ জৰাশংক ঠাকুৰবাৰী কণফাৰেন্স হলত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেশৰ আন কেইবাজনো লোকৰ লগতে অসমৰ ভাৰত বাংলা সীমান্তৱৰ্তী ধুবুৰী জিলাৰ ঐতিহ্যমণ্ডিত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক আব্দুল বাতেনক উক্ত অনুষ্ঠানত বঁটা প্ৰদান কৰে। শিক্ষক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ "শিক্ষক ৰত্ন" বঁটা প্ৰদান কৰে ৰাষ্ট্ৰীয় সমতা পৰিষদে।
ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত বিগত প্ৰায় বিশ বছৰে অধ্যাপনা কৰা শিক্ষাবিদ আব্দুল বাতেনে এই বঁটা লাভ কৰাৰ পিছত সন্তুষ্টি প্ৰকাশ কৰি অধ্যাপনাৰ উপৰি মহাবিদ্যালয় আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ থাকি সমাজৰ নিষ্পেষিত,নিৰ্যাতিত দলিত লোকসকলৰ বাবে নিজৰ জীৱনক নিঃস্বাৰ্থ ভাৱে উচৰ্গা কৰা শিক্ষকগৰাকীৰ এই সফলতাত সকলোৱে অভিনন্দন জনাই ৷