অসম

assam

ETV Bharat / state

ধুবুৰীৰ কোৱাৰেণ্টাইন চেণ্টাৰত বিধায়ক নজৰুল হক - দুৰ্নীতি

ধুবুৰীৰ কোৱাৰেণ্টাইন চেণ্টাৰত খাদ্য যোগান দিয়াৰ নামত চৰম দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উঠিছে যোগানকাৰী সংস্থাৰ বিৰুদ্ধে। কোৱাৰেণ্টাইন চেণ্টাৰত ছাৰ্ডেন ভিজিট ধুবুৰীৰ বিধায়ক নজৰুল হকে।

dhuburi quarntine center visite mal najrul hok
কোৱাৰেণ্টাইন চেণ্টাৰত বিধায়ক নজৰুল হক

By

Published : May 23, 2020, 8:28 PM IST

ধুবুৰী,23মেঃ ধুবুৰীত বহিঃৰাজ্যৰ পৰা গৃহ জিলালৈ অহা হেজাৰ হেজাৰ লোকক জিলা খনৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে। কিন্তু খাদ্য যোগানৰ ঠিকা লাভ কৰা ব্যৱসায়ী সকলে কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোক সকলৰ খাদ্য যোগান দিয়াৰ নামত সংঘটিত কৰি আহিছে চৰম দুৰ্নীতি।

কোৱাৰেণ্টাইন চেণ্টাৰত বিধায়ক নজৰুল হক

অভিযোগ অনুসৰি সময়তকৈ বহু পলমকৈ যোগান দিয়া হয় খাদ্য। ইপিনে যোগান দিয়া খাদ্য সমূহ অতি নিম্নমানৰ আনকি কোনো এটা কোৱাৰেণ্টাইন চেণ্টাৰত শিশুৰ খাদ্য যোগান ধৰা নাই চৰকাৰ তথা জিলা প্ৰশাসনে। নিম্নমানৰ খাদ্য যোগান দি কোটি কোটি টকা লুণ্ঠন চলোৱাৰ ফান্দ পাতিছে খাদ্য যোগানৰ ঠিকা লাভ কৰা ব্যৱসায়ী সকলে।

কোৱাৰেণ্টাইন চেণ্টাৰত বিধায়ক নজৰুল হক

এনে অভিযোগৰ ভিত্তিত আজি ধুবুৰীৰ বিধায়ক নজৰুল হকে প্ৰশাসনীয় বিষয়া আৰু স্বাস্থ্য বিভাগৰ দলক লগত লৈ ধুবুৰীৰ কেইবাখনো কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। খাদ্য যোগানকাৰী সংস্থা সমূহে যোগান ধৰা খাদ্য নিজে পৰিদৰ্শন কৰে বিধায়ক নজৰুল হকে। কোৱাৰেণ্টাইন চেণ্টাৰ সমূহ পৰিদৰ্শনৰ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত খাদ্য যোগানৰ নামত চৰম দুৰ্নীতি সংঘটিত হোৱা বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ।

কোৱাৰেণ্টাইন চেণ্টাৰত বিধায়ক নজৰুল হক

কোৱাৰেণ্টাইন চেণ্টাৰ সমূহ পৰিদৰ্শন কৰি জিলা উপায়ুক্তৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সমস্যাৰ সমাধান কৰাৰ লগতে খাদ্য যোগানৰ ক্ষেত্ৰত হোৱা খেলিমেলিৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হব বুলি উল্লেখ কৰে। এতিয়া এই ক্ষেত্ৰত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হব।

লগতে পঢ়কঃ কৰিমগঞ্জত কোৱাৰেণ্টাইন কেন্দ্ৰত চৰম বিশৃংখলতা

ABOUT THE AUTHOR

...view details