অসম

assam

ETV Bharat / state

ধুবুৰীত উপস্থিত হৈ অনুপ চেতিয়াই কি ক'লে ?

ধুবুৰীত পুৰণি স্মৃতি ৰোমন্থন কৰিলে আলফা নেতা অনুপ চেতিয়াই

By

Published : Mar 24, 2019, 11:25 PM IST

ধুবুৰীত পুৰণি স্মৃতি ৰোমন্থন কৰিলে আলফা নেতা অনুপ চেতিয়াই

ধুবুৰী, ২৪ মাৰ্চ : দেওবাৰে ধুবুৰীৰ আগমণি অঞ্চলত উপস্থিত হয় আলফা নেতা অনুপ চেতিয়া । আলফা নেতাগৰাকীয়ে অঞ্চলটোত উপস্থিত হৈ ইটিভি ভাৰতৰ সাংবাদিকৰ সন্মুখতৰোমন্থন কৰে পুৰণি সংগ্ৰামী জীৱনৰ স্মৃতি । স্বাধীন অসমৰ দাবীত আলফা স্বাধীনে সংগ্ৰাম চলাই অহাৰ প্ৰথম সময়চোৱা অৰ্থাৎ ৯০ৰ দশকত ধুবুৰীৰ গোলকগঞ্জ আগমণি আদি অঞ্চলত আলফাৰ নেতা আৰু কেডাৰসকলে বাহৰ পাতি থকাৰ কথা উল্লেখ কৰে ।

লগতে, ১৯৯২ চনত ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ জিনকাটা আঞ্চলত প্ৰথমবাৰৰ বাবে আলফাৰ প্ৰতিষ্ঠা দিৱস পালন কৰি আলফা নেতা অনুপ চেতিয়া সহ কেডাৰ সকলে বাংলাদেশলৈ গৈছিল বুলিও মত প্ৰকাশ কৰে । ইপিনে আলোচনাপন্থী আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ মাজত আলোচনা বৰ্তমানেও সম্ভৱ হৈ উঠা নাই যদিও আগন্তুক চৰকাৰৰ লগত এই বিষয়ে নিশ্চয় আলোচনা কৰা হ'ব বুলি জনায় আলফা নেতাগৰাকীয়ে ।

উল্লেখযোগ্য যে ধুবুৰীৰ আগমণিৰ বেলগুড়িত অনুষ্ঠিত সদৌ অসম গৰীয়া,মৰিয়া,দেশী জাতীয় পৰিষদৰ এখন সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিবলৈ গৈ আলফা নেতা অনুপ চেতিয়াই পুৰণি সংগ্ৰামী স্মৃতি মনত পেলাই এক প্ৰকাৰ আনন্দিত হৈ পৰে ।

ABOUT THE AUTHOR

...view details