অসম

assam

ETV Bharat / state

আজিৰ পৰা বিশ্ব ডাক দিৱসৰ সপ্তাহযোৰা কাৰ্যসূচী আৰম্ভ - ধুবুৰীস্থিত গোৱালপাৰা ডাক সংমণ্ডলৰ অধীক্ষকৰ কাৰ্য্যালয়

বুধবাৰে ধুবুৰীস্থিত গোৱালপাৰা ডাক সংমণ্ডলৰ অধীক্ষকৰ কাৰ্যালয়ত ডাক অধীক্ষক দেৱৰাজ ছেথিয়ে ডাক পৰিদৰ্শক পঞ্চানন ৰায় আৰু সহকাৰী ডাক পৰিদৰ্শক গিৰিকান্ত দাসক লগত লৈ এখন সংবাদমেলাৰ সম্বোধন কৰে ৷ উক্ত সংবাদমেলত আজিৰ পৰা আৰম্ভ হোৱা বিশ্ব ডাক দিৱসৰ সপ্তাহযোৰা কাৰ্য্যসূচী অহা ১৫ অক্টোবৰ লৈকে অব্যাহত থাকিব বুলি উল্লেখ কৰে ডাক অধীক্ষকগৰাকীয়ে ৷

ধুবুৰীৰ গোৱালপাৰাত ডাক সংমণ্ডল অধীক্ষকৰ সংবাদমেল

By

Published : Oct 9, 2019, 11:40 PM IST

ধুবুৰী, 9 অক্টোবৰঃ পূৰ্বৰ জনপ্ৰিয়তা ঘূৰি আহিছে ডাক ব্যৱস্থাত ৷ ডাকঘৰত এতিয়া কেৱল চিঠি পত্ৰ আদান প্ৰদানেই নহয়, ডাকঘৰ এতিয়া ৰূপান্তৰ হৈছে বেংকলৈও ৷ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক নামৰ বেংক এটাও আছে ডাক ব্যৱস্থাত ৷ বিগত বৰ্ষত শুভাৰম্ভ হোৱা ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকিঙৰ প্ৰতি ক্ৰমাৎ আগ্ৰহী হৈছে সাধাৰণ জনতা ৷ ভাৰত চৰকাৰৰ নিতৌ ন ন আঁচনিৰ অধীনত গ্ৰাহক তথা হিতাধিকাৰীৰ চেভিংছ একাউণ্ট খোলাৰ বিপৰীতে জীৱন বীমাও আৰম্ভ কৰা হৈছে ডাক ব্যৱস্থাপনাত ৷

ধুবুৰীৰ গোৱালপাৰাত ডাক সংমণ্ডল অধীক্ষকৰ সংবাদমেল

বুধবাৰে ধুবুৰীস্থিত গোৱালপাৰা ডাক সংমণ্ডলৰ অধীক্ষকৰ কাৰ্যালয়ত ডাক অধীক্ষক দেৱৰাজ ছেথিয়ে ডাক পৰিদৰ্শক পঞ্চানন ৰায় আৰু সহকাৰী ডাক পৰিদৰ্শক গিৰিকান্ত দাসক লগত লৈ এখন সংবাদমেলৰ সম্বোধন কৰে ৷ উক্ত সংবাদমেলত আজিৰ পৰা আৰম্ভ হোৱা বিশ্ব ডাক দিৱসৰ সপ্তাহযোৰা কাৰ্যসূচী অহা ১৫ অক্টোবৰ লৈকে চলিব বুলি উল্লেখ কৰে ডাক অধীক্ষকগৰাকীয়ে ৷ তেখেতে লগতে এই ডাক সপ্তাহৰ ভিতৰত গোৱালপাৰা ডাক সংমণ্ডল এলেকাৰ প্ৰতিটো প্ৰান্ততে প্ৰচাৰ চলাই পোষ্ট অফিচৰ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক নামৰ বেংকিংৰ লগতে সুবিধা সমূহ আৰু আঁচনি সমূহৰ বিষয়ে প্ৰচাৰ চলোৱা হ'ব বুলি উল্লেখ কৰে ৷ বিশেষকৈ "বেটি বাঁচাও বেটি পঢ়াওঁ" শ্লোগানৰ প্ৰতি গুৰুত্ব দি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি সুকণ্যা সমৃদ্ধি আৰু জীৱন জ্যোতি নামৰ আঁচনিৰ লগতে বছৰি মাত্ৰ ১২ টকাৰে প্ৰধানমন্ত্ৰী জীৱন বীমা সুৰক্ষা আঁচনি, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিৰ উপৰি অটল পেঞ্চন যোজনাকে ধৰি বিভিন্ন আঁচনি সম্পৰ্কে ৰাইজৰ মাজত প্ৰচাৰ চলাই এই ডাক সপ্তাহৰ ভিতৰত চল্লিশ হাজাৰ লোকক একাউণ্ট খোলাৰ টাৰ্গেট লৈছে ডাক বিভাগে ৷

উল্লেখযোগ্য যে, গোৱালপাৰা ডিভিজনৰ পাঁচখনকৈ জিলাৰ বিভিন্ন প্ৰান্তত থকা ডাকঘৰ, উপ ডাকঘৰ আৰু শাখা ডাকঘৰৰ কৰ্মকৰ্তা সকলক সম্পূৰ্ণ সজাগ কৰি ৰখা হৈছে আৰু এক সপ্তাহৰ ভিতৰত চল্লিশ হাজাৰ টাৰ্গেট লোৱাৰ বিপৰীতে প্ৰতিজন আধাৰ কাৰ্ড হোল্ডাৰক ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত একাউণ্ট খোলাৰ সংকল্প লৈছে গোৱালপাৰা ডাক সংমণ্ডল বিভাগে ৷

ABOUT THE AUTHOR

...view details