ধুবুৰী, 20 অক্টোবৰঃ ধুবুৰী চহৰৰ ইন্দিৰা গান্ধী পথৰ এটা অতি দৰিদ্ৰ পৰিয়ালৰ কাহিনী এয়া । মনোৰঞ্জন ভাওঁৱাল নামৰ অতি দৰিদ্ৰ লোকেজনে এটা ভগা জুপুৰিতেই অতিবাহিত কৰিলে জীৱনৰ অধিকাংশ সময় ৷ এই জৰাজীৰ্ণ ঘৰটোৰ ভিতৰতেই কাগজৰ ঠোঙা প্ৰস্তুত কৰি প্ৰতিদিনে এশৰ পৰা ডেৰশ টকা উপাৰ্জন কৰি সেই টকাৰেই চলাই আহিছে জীৱন সংগ্ৰাম ৷ বহু কষ্টৰে জীৱন নিৰ্বাহ কৰা ভাওঁৱালে আজি পৰ্যন্ত নাপালে এটা পি এম এ ৱাই ঘৰ ৷ বহুবাৰ আবেদন কৰি ধুবুৰী পৌৰসভাৰ ৱাৰ্ড কমিচনাৰৰ পিছে পিছে ঘূৰিও নাপালে এখন ঘৰ। সামাণ্য বৰষুণ হলেই চোতালত জমা হয় একাঠু পানী । বৰষুণ অধিক হলে ঘৰৰ ভিতৰত সোমাই পানী। কেৱল সেয়াই নহয় আজিপৰ্যন্ত বিনামূলীয়া বিজুলী সংযোগও লাভ নকৰিলে পৰিয়ালটোৱে ৷
ভঙা জুপুৰীৰ পৰাই বিজ্ঞানী হোৱাৰ সপোন মিণ্টুৰ - POOR FAMILY
নিশা যাপন কৰিবলৈ নাই এটা ভাল ঘৰ। শান্তিৰে শুবলৈ নাই এখন বিচনা। পঢ়াৰ বাবে নাই এখন টেবল। বহিবলৈ নাই এখন চকী। কিন্তু এনে পৰিৱেশ পৰিস্থিতিক প্ৰত্যাহ্বান জনাই বৈজ্ঞানিক হোৱাৰ সপোন দেখিছে ধুবুৰীৰ এজন ছাত্ৰই। ছাত্ৰজনৰ থকা আৰু পঢ়াৰ পৰিৱেশ দেখিলে আপুনিও ধৰি ৰাখিব নোৱাৰিব চকুলো।
ইপিনে মাজে সময়ে আজৰি সময় উলিয়াই পিতৃৰ কামত সহায় কৰি আহিছে নৱম মান শ্ৰেণীত অধ্যয়ন কৰি থকা মিন্টু ভাওঁৱালে। ধুবুৰী মিউনিচিপাল হাই স্কুলৰ নৱম মান শ্ৰেণীত অধ্যয়ন কৰি থকা মিন্টু ভাওঁৱালৰ শুবলৈ নাই এখন বিচনা । পঢ়িবলৈ নাই এখন টেবল। বিদ্যালয় বন্ধৰ সময়ত এইদৰে দিনৰ ভাগত পিতৃৰ সৈতে কাগজৰ ঠোঙা বনোৱা কাম কৰাৰ বিপৰীতে ৰাতিৰ ভাগত পঢ়াশুনা কৰে ৷ মেধাবী ছাত্ৰ মিণ্টুৱে দৰিদ্ৰতাৰ মাজতেই বিচাৰি ফুৰিছে নিজৰ ভৱিষ্যতৰ এটা এটা চিৰি। মিণ্টুয়ে সকলো দুখ কষ্টক প্ৰত্যাহ্বান জনাই ভৱিষ্যতে এজন বৈজ্ঞানিক হোৱাৰ সপোন দেখিছে ।