অসম

assam

মাস্ক নিপিন্ধা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে ধুবুৰী আৰক্ষী

By

Published : Sep 15, 2020, 9:12 PM IST

জিলাখনত ইতিমধ্যেই প্ৰায় চাৰি সহস্ৰাধিক লোক ক'ৰণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে বাৰ জনকৈ ৰোগীৰ ৷ কিন্তু ইমানৰ পাছতো জিলাখনৰ অধিকাংশ লোকৰ মাজতে নাই কোনো সজাগতা তথা সাৱধানতা ।

Dhuburi police taking strict action against Covid rule breaker
মাস্ক নিপিন্ধা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে ধুবুৰী আৰক্ষী

ধুবুৰী, 15 ছেপ্তেম্বৰ :ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে মাৰাত্মক কৰণা ভাইৰাছে । জিলা খনত ইতিমধ্যেই প্ৰায় চাৰি সহস্ৰাধিক লোক ক'ৰণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে বাৰ জনকৈ ৰোগীৰ ৷ কিন্তু ইমানৰ পাছতো জিলাখনৰ অধিকাংশ লোকৰ মাজতে নাই কোনো সজাগতা তথা সাৱধানতা। মাস্ক পৰিধান নকৰাকৈয়ে সামাজিক দূৰত্ব উলংঘা কৰি জীৱন যাত্ৰা অব্যাহত ৰাখিছে ধুবুৰী জিলাৰ অধিকাংশ লোকে ৷ যাৰ বাবে এতিয়া নীতি-নিয়ম নমনা সকলৰ বিৰুদ্ধে অভিযান চলাবলৈ বাধ্য হৈছে ধুবুৰী আৰক্ষী ৷ বিগত দিন কেইটাত ধুবুৰী আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান চলাই মাস্ক নিপিন্ধা লোকসকলৰ পৰা সংগ্ৰহ কৰিছে প্ৰায় পাঁচ লক্ষাধিক টকাৰ জৰিমনা ৷

মাস্ক নিপিন্ধা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে ধুবুৰী আৰক্ষী

উল্লেখ্য যে,যান বাহনত চলাচল কৰা যাত্ৰী সকলৰ লগতে ধুবুৰীত একাংশ চালকেও পৰিধান নকৰে মাস্ক ৷ ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই উল্লেখ কৰা মতে, জিলাখনত ৰাইজৰ মাজত এতিয়াও সজাগতাৰ অভাৱ আছে । গতিকে ৰাইজক সজাগতা অৱলম্বন কৰি,মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷

মাস্ক নিপিন্ধা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে ধুবুৰী আৰক্ষী

ইপিনে একাংশ চালকে ইচ্ছা কৰিয়েই মাস্ক পৰিধান নকৰা দৃষ্টিগোচৰ হোৱাৰ লগতে একাংশ চালকে ৰোগী কঢ়িয়াই লৈ ফুৰাৰ সময়তো মাস্ক পৰিধান নকৰা ঘটনাই ভৱাই তুলিছে সচেতন মহলৰ লগতে আৰক্ষী মহলকো ৷ উল্লেখ্য যে,ৰাইজৰ মাজত সজাগতা বৃদ্ধি নহলে অনাগত দিনকেইটাত কৰ'ণা ভাইৰাছে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা কৰিছে সচেতন ৰাইজে ৷

লগতে পঢ়কঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু কোভিড-১৯ত আক্ৰান্ত

ABOUT THE AUTHOR

...view details