অসম

assam

ETV Bharat / state

চাপৰত আৰক্ষীয়ে জব্দ কৰিলে ৭৩০ বস্তা সূলভ মূল্যৰ চাউল - DHUBURI POLICE SIZED 730 BEG FARE PRICE RICE

নামনি অসমৰ বিভিন্ন সমবায় সমিতিয়ে চোৰাংভাৱে বিক্ৰী কৰে চৰকাৰী চাউল । এই অভিযোগ দীৰ্ঘ দিনৰ পৰা উত্থাপিত হৈ অহা সময়তে পূৱ বিলাসীপাৰৰ চাপৰত জব্দ কৰা হয় ৩৬৫ কুইন্টল চোৰাং চাউল ।

DHUBURI POLICE SIZED 730 BEG FARE PRICE RICE
চাপৰত আৰক্ষীয়ে জব্দ কৰিলে ৭৩০ বস্তা সূলভ মূল্যৰ চাউল

By

Published : Sep 16, 2020, 10:02 AM IST

পূৱ বিলাসীপাৰা, ১৬ ছেপ্টেম্বৰ:চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক এমুঠি অন্নৰ যোগান ধৰিবলৈ বিনামূলীয়াকৈ যোগান ধৰিছে সূলভ মূল্যৰ চাউল । কিন্তু দুখীয়া ৰাইজৰ মুখৰ ভাত কাঢ়ি একাংশই গঢ়িছে সম্পত্তিৰ পাহাৰ । নামনি অসমৰ বিভিন্ন সমবায় সমিতিয়ে চোৰাংভাৱে বিক্ৰী কৰে চৰকাৰী চাউল । এই অভিযোগ দীৰ্ঘ দিনৰ পৰা উত্থাপিত হৈ অহা সময়তে পূৱ বিলাসীপাৰৰ চাপৰত জব্দ কৰা হয় ৩৬৫ কুইন্টল চোৰাং চাউল । এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চাপৰ নগৰৰ ২ নং ৱাৰ্ডত অভিযান চলাই এটা গোডামৰ পৰা জব্দ কৰে ৩৬৫ কুইন্টল চৰকাৰী চাউল । গোডামটোত মজুত কৰি ৰখা হৈছিল বৃহৎ পৰিমাণৰ এইচোৰাং চাউলখিনি ।

লগতে পঢ়কঃ গড়চুক পামহি বজাৰত বৃহৎ পৰিমানৰ ধনৰ লেন দেনৰ অভিযোগ


ধুবুৰী জিলাৰ উপ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে এই গোডামটোত চৰকাৰী চাউল সমূহ অন্য বস্তাত ভৰাই কলা বজাৰত বিক্ৰী কৰা হয় । অভিযানত চাউলৰ লগতে জব্দ কৰা হয় বস্তা চিলাই কৰা মেচিন সহ অন্যান্য সা-সামগ্ৰী । সমগ্ৰ বিষয়টো সম্প্ৰতি তদন্তৰ আওতাত আছে বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ।

চাপৰত আৰক্ষীয়ে জব্দ কৰিলে ৭৩০ বস্তা সূলভ মূল্যৰ চাউল
উল্লেখযোগ্য যে, ধুবুৰী আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰে পৰা জিলাখনত চলি থকা বিভিন্ন অসামাজিক কাৰ্যকলাপ, চোৰাং ব্যৱসায় এটাৰ পিছত এটাকৈ উৎখাট হ'বলৈ ধৰিছে । ইয়াক লৈ সন্তোষ্টি ব্যক্ত কৰিছে বিভিন্ন মহলে ।

ABOUT THE AUTHOR

...view details