ধুবুৰী, 9 জানুৱাৰী :ৰাজ্যত পুনৰ অসম আৰক্ষীৰ গুলীচালনাৰ ঘটনা । এইবাৰ ধুবুৰীত গো তথা ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি ধুবুৰী আৰক্ষীৰ গুলীচালনা (Dhuburi police shot drug mafia)। দীৰ্ঘদিন ধৰি গৰু সৰবৰাহ তথা ড্ৰাগছৰ বেহা চলোৱাৰ অভিযোগত অভিযুক্ত চহিদুৰ ৰহমানলৈ ধুবুৰী আৰক্ষীয়ে চলালে গুলী । ধুবুৰী সদৰ আৰক্ষী থানাত সহিদুৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৯২৯/২১ নম্বৰত ৩৭৯/৪১১ ধাৰা আৰু R/W 13 , R/W 22(C) NDPS ধাৰাত ৰুজু হৈ আছিল গোচৰ ।
নিশা চহিদুৰক গ্ৰেপ্তাৰৰ পিছতেই তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায় ধুবুৰীৰ ঝগৰাৰ পাৰ অঞ্চলত । মাফিয়া চহিদুৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ লুকুৱাই ৰখাৰ তথ্য লাভ কৰিছিল ধুবুৰী আৰক্ষীয়ে । উন্মুক্ত ভাৰত-বাংলা সীমান্তৰে গৰুৰ চোৰাং সৰবৰাহৰ (Cattle smuggling in Indo Bangladesh border) গোপন ক’ৰিডৰৰ তথ্যও লাভ কৰিলে আৰক্ষীয়ে । সীমান্তৰ গোপন কৰিডৰ আৰু ড্ৰাগছৰ স্বীকাৰোক্তি আৰক্ষীক দিছিল মাফিয়া চহিদুৰে ।