ধুবুৰী, 9মাৰ্চ: আৰক্ষীৰ চকুত ধূলি মাৰি একাংশ দুষ্ট চক্ৰই ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ আশাৰীকান্দি অঞ্চলেদি প্ৰায়েই সৰবৰাহ কৰি আহিছে চোৰাং গৰু ৷ সোমবাৰে একাংশ স্থানীয় লোকৰ তৎপৰতাত জব্দ হয় 27 টাকৈ চোৰাং গৰু আৰু ম'হ ৷ ঘটনা অনুসৰি সোমবাৰে পুৱা এজাক গৰু খেদি নিয়াৰ সময়তে একাংশ স্থানীয় ৰাইজে বাধা প্ৰদান কৰে ৷ ইয়াৰ পাছতে চোৰাং গৰু খিনি আটক কৰি ধুবুৰী আৰক্ষীক খবৰ দিয়ে ৰাইজে ৷ পিছত ধুবুৰী আৰক্ষীৰ নিৰ্দেশ মৰ্মে গৌৰীপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চোৰাং পশুধন খিনি জব্দ কৰে ৷
ধুবুৰীৰ গৌৰীপুৰত জব্দ বৃহৎ সংখ্যক চোৰাং গৰু-ম'হ
ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ আশাৰীকান্দিত স্থানীয় লোকৰ তৎপৰতাত জব্দ হয় 27 টাকৈ চোৰাং গৰু আৰু ম'হ ৷ দীৰ্ঘদিনে বাংলাদেশলৈ পশুধনৰ এনে চোৰাং সৰৱৰাহ চলি অহাৰ অভিযোগ ৷
ধুবুৰীৰ গৌৰীপুৰত জব্দ বৃহৎ সংখ্যক চোৰাং গৰু- ম'হ
অৱশ্যে তদন্তৰ খাতিৰত এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ কোনো তথ্য সদৰী কৰা নাই আৰক্ষীয়ে ৷ দীৰ্ঘদিনে বাংলাদেশলৈ পশুধনৰ এনে চোৰাং সৰৱৰাহ চলি আহিছে যদিওঁ এই চোৰাং কাৰবাৰ ৰোধ কৰাত যেন ব্যৰ্থ হৈছে প্ৰশাসন ৷
লগতে পঢ়কঃ চৰকাৰী আঁচনিৰ ধনৰ 10% কমিচন গ্ৰহণ পঞ্চায়তৰ সভানেত্ৰীৰ
TAGGED:
চোৰাং গৰু জব্দ