ধুবুৰী, 5 মাৰ্চ: আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাথো এটা মাহ বাকী ৷ প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-পালিনেতা সকলৰ সমান্তৰালকৈ নিৰ্বাচনলৈ সাজু হৈছে প্ৰতিখন জিলাৰ জিলা প্ৰশাসন ৷ সমান্তৰালকৈ নিৰ্বাচনলৈ সাজু হৈছে ধুবুৰী জিলা আৰক্ষী প্ৰশাসনো ৷ শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি ধুবুৰীৰ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জনালে আৰক্ষীৰ নিৰ্বাচনী প্ৰস্তুতি ৷ নিৰ্বাচনলৈ ধুবুৰী জিলা আৰক্ষী প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে মন্তব্য কৰি নিৰ্বাচনৰ বাবে জিলা খনলৈ অতিৰিক্ত 56 টা কোম্পানীৰ নিৰাপত্তা বাহিনী মোতায়ন কৰা হ'ব বুলি প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ ইপিনে বিগত দিন কেইটাত ফ্লাইং স্কোৱাটৰ দলে বিভিন্ন স্থানত নাকা চেকিং বহুৱাই প্ৰায় সাত লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ক্ৰুটি ৰখা নাই বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷
নিৰ্বাচনকলৈ ধুবুৰী জিলা আৰক্ষী প্ৰশাসনৰ বিশেষ তৎপৰতা - Dhuburi police ready for the election: SP Ananda Misra
নিৰ্বাচনলৈ ধুবুৰী জিলা আৰক্ষী প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে মন্তব্য কৰি নিৰ্বাচনৰ বাবে জিলা খনলৈ অতিৰিক্ত 56 টা কোম্পানীৰ নিৰাপত্তা বাহিনী মোতায়ন কৰা হ'ব বুলি প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷
![নিৰ্বাচনকলৈ ধুবুৰী জিলা আৰক্ষী প্ৰশাসনৰ বিশেষ তৎপৰতা dhuburi-police-ready-for-the-election-sp-ananda-misra](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10885458-1054-10885458-1614951338964.jpg)
আনহাতে আন্তঃৰাজ্যিক অসম-বংগ সীমান্ত আৰু আন্তঃৰাষ্ট্ৰীয় ভাৰত-বাংলা সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ কথা প্ৰকাশ কৰিছে আৰক্ষী বিষয়া গৰাকীয়ে ৷ লগতে পশ্চিমবংগ আৰক্ষী প্ৰশাসন আৰু বাংলাদেশ বিজিআৰৰ সৈতে পৃথকে পৃথকে বৈঠক অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ সীমান্তৰ দায়িত্বত থকা সীমান্ত সুৰক্ষা বাহিনীৰ সৈতেও বৈঠক অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ মুঠৰ ওপৰত নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সষ্টম ধুবুৰী জিলা আৰক্ষী প্ৰশাসন ৷
লগতে পঢ়কঃবঢ়মপুৰ সমষ্টিত প্ৰফুল্ল কুমাৰ মহন্তৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ