ধুবুৰী, 8 অক্টোবৰ : যিকোনো উৎসৱৰ সময়ত সকলোৱে নিজৰ পৰিয়ালৰ সৈতে থাকি উৎসৱ পালন কৰিব বিচাৰে। যদিও এয়া সম্ভৱ হৈ নুঠে আৰক্ষীৰ বাবে । বিহু, পূজা বা ঈদেই নহওঁক কিয় দিনে নিশাই কৰ্তব্যৰ মাজতে সময় কটাবলগীয়া হয় আৰক্ষীয়ে । সেয়েহে ১৯৫৫ চনৰ পৰাই ধুবুৰী আৰক্ষী পৰিয়ালৰ বাবে আয়োজন কৰি আহিছে সাৰ্বজনীন দুৰ্গাপূজাৰ । এই নৱমীৰ নিশা আৰক্ষী চাউনী খেল পথাৰত আৰতি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । য'ত বহু কেইজন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ বিজেতাক ট্ৰফীৰ লগতে নগদ আঠ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হয় আৰক্ষীৰ তৰফৰ পৰা । অনুষ্ঠানটোত উপস্থিত থকা জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই কয়,
ধুবুৰী আৰক্ষীৰ বিশেষভাৱে দুৰ্গা পূজা উদযাপন - Dhuburi police orgainse Aroti cmpetition during puja
উৎসৱৰ সময়ত যাতে ঘৰলৈ মনত নপৰে তাৰ প্ৰতি লক্ষ্য কৰি ১৯৫৫ চনৰ পৰাই আৰক্ষী পৰিয়ালৰ বাবে ধুবুৰী আৰক্ষীয়ে আয়োজন কৰি আহিছে সাৰ্বজনীন দুৰ্গাপূজাৰ ৷ পূজা উপলক্ষে নৱমীৰ নিশা আৰক্ষী চাউনী খেল পথাৰত অনুষ্ঠিত কৰা হয় আৰতি প্ৰতিযোগিতা
"আৰক্ষীৰ পৰিয়াল হৈছে দুটা। এটা পৰিয়ালত মাক দেউতা আৰু ভাই ভনীয়েক থাকে। আনটো পৰিয়াল আছে কৰ্তব্যস্থলীৰ আৰক্ষী পৰিয়াল । সেয়ে পূজাৰ সময়ত ঘৰলৈ মনত পৰিলেও তাৰ মাজেদিয়েই কৰ্তব্য পালন কৰিব লাগিব ৷"
লক্ষণীয় নিজ কতৰ্ব্যৰ মাজেদিয়েই আৰক্ষীৰ পোচাক পিন্ধিয়েই পূজা উপভোগ কৰিছে আৰক্ষীয়ে । পূজাৰ আনন্দৰ সময়তে নিজৰ পৰিয়ালক সময় দিব পৰা নাই ৰাইজৰ সেৱা আগবঢ়াই অহা আৰক্ষী প্ৰশাসনৰ বিষয়া আৰু জোৱান সকলে । এওঁলোকৰ এই ত্যাগৰ বাবে আজি আমি শান্তিৰে উপভোগ কৰিব পাৰিছো শাৰদীয় দুৰ্গা পূজাৰ আনন্দ ৷