অসম

assam

ETV Bharat / state

ধুবুৰীত এন এছ ইউ আইৰ সংবাদমেল - ৰাজীৱ ভৱন

চৰকাৰক শিক্ষা বিভাগত কেইবাটাও দাবী পূৰ্ণ কৰিবলৈ সংবাদমেল যোগে দি ধুবুৰী জিলা এন এছ ইউ আই ছাত্ৰ সংগঠনৰ আহ্বান ৷

dhuburi NSUI press meet  on education department
ধুবুৰীত এন এছ ইউ আইৰ সংবাদমেল সম্বোধন

By

Published : Jun 23, 2020, 9:12 PM IST

ধুবুৰী,23জুনঃমঙলবাৰে বিয়লি ভাগত ধুবুৰী জিলা এন এছ ইউ আইয়ে ধুবুৰী জিলাৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে। জিলা এন এছ ইউ আইৰ সম্পাদক ছোহান শেখ আৰু চাহিনুৰ শেখে সম্বোধন কৰা সংবাদমেল খনত ক‘ৰণা মহামাৰী আৰু দীঘলীয়া লক ডাউনৰ বাবে উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি ৰাজ্যৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে চাৰি দফীয়া দাবী পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰে।

উল্লেখ্যযোগ্য যে,প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নকৰাকৈ উত্তীৰ্ণ ঘোষণা কৰা,পূৰ্বৰ বৰ্ষৰ ফলাফলৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত ১০% নম্বৰ যোগ কৰি চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ ঘোষণা কৰা, ছাত্ৰ ছাত্ৰীৰ অতি কমেও এটা চেমিষ্টাৰৰ ফিছ কৰ্তন কৰা আৰু অতি কমেও ছমাহৰ বাবে শিক্ষা ঋণৰ সুত কৰ্তন কৰাৰ দাবী জনায় সংগঠনটোৱে। আনহাতে কেৱল চৰকাৰী খণ্ডৰ বিদ্যালয়তে নহয় ব্যক্তিগত খণ্ডৰ দুখীয়া ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ৰ মাচুল সমূহ ৰেহাই দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ চৰকাৰক দাবী জনায় ।

ধুবুৰীত এন এছ ইউ আইৰ সংবাদমেল সম্বোধন
ইফালে এন এছ ইউ আইৰ দাবীৰ প্ৰতি চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে অনাগত দিনত এন এছ ইউ আইৰ উদ্যোগত আন্দোলৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও ভাবুকি প্ৰদান কৰে সংগঠনটোৱে।লগতে পঢকঃ প্ৰত‍িটো প্ৰত‍্যাহ্বানৰ মুখামুখি হ’ব পৰাকৈ নিজক প্ৰস্তুত কৰিব লাগিব:মন্ত্ৰী কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details