অসম

assam

ETV Bharat / state

মন্ত্ৰী হিমন্তক গ্ৰেপ্তাৰৰ দাবী মিঞা পৰিষদৰ - ধুবুৰীত অসম মিঞা পৰিষদৰ উত্তাল প্ৰতিবাদ

ধুবুৰীত অসম মিঞা পৰিষদৰ উত্তাল প্ৰতিবাদ । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত 4 ঘন্টিয়া গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ । হিংসাত্মক আন্দোলনৰ বাবে মন্ত্ৰী হিমন্তক দায়ী কৰি গ্ৰেপ্তাৰৰ দাবী মিঞা পৰিষদৰ।

Dhuburi  Miya Parishad  CAA Protest
মন্ত্ৰী হিমন্তক গ্ৰেপ্তাৰৰ দাবী মিঞা পৰিষদৰ

By

Published : Dec 18, 2019, 8:20 PM IST

ধুবুৰী,18 ডিচেম্বৰ: বুধবাৰে প্ৰতিবাদত কঁপিল ধুবুৰী। এফালে যদি প্ৰশাসনিক কৰ্মচাৰী সন্থাৰ ধৰ্মঘট,ইফালে আছুৰ নেতৃত্বত গণ সত্যাগ্ৰহ আকৌ আনফালে অসম মিঞা (অসমীয়া)পৰিষদৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী । ধুবুৰী ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ সন্মুখত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসম মিঞা পৰিষদৰ ফালৰ পৰা দিনৰ এঘাৰ বজাৰ পৰা তিনি বজালৈ 4 ঘন্টীয়া গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যৰ হিংসাত্মক আন্দোলনৰ আঁৰত কিছু লোকৰ তালিকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰাৰ পিছত জাঙুৰ খাই উঠিছে মিঞা পৰিষদ। লগতে হিংসাত্মক আন্দোলনৰ বাবে প্ৰথমতে হিমন্ত বিশ্ব শৰ্মা দায়ী বুলি কৈ প্ৰথমে মন্ত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে মিঞা পৰিষদে।

ধুবুৰীত অসম মিঞা পৰিষদৰ উত্তাল প্ৰতিবাদ

লগতে পঢ়ক:আছু আৰু নেছ'ৱে অব্যাহত ৰাখিব নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন

লগতে প্ৰতিবাদস্থলীৰ পৰা কৃষক নেতা অখিল গগৈৰ লগতে গ্ৰেপ্তাৰ হোৱা আন সহযোগী সকলক বিনা চৰ্তে মুক্তিৰ দাবী উত্থাপন কৰাকে ধৰি কেইবা দফীয়া দাবীৰে দেশৰ প্ৰধানমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰদান কৰে অসম মিঞা পৰিষদে।

ABOUT THE AUTHOR

...view details