অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ বার্তাজীৱী সংঘৰ - ধুবুৰী

ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ স্মাৰক পত্ৰ ৷ সাংবাদিক ৰাজীৱ শৰ্মাৰ লগতে ৰাজ্যৰ প্ৰতিগৰাকী সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনোৱা হয় স্মাৰক পত্ৰখনৰ জৰিয়তে৷

MEMORANDUM_BY_BARTAJIWI_Sangha
মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ বার্তাজীৱী সংঘৰ

By

Published : Jul 21, 2020, 7:39 PM IST

Updated : Oct 8, 2022, 10:02 AM IST

ধুবুৰী,21জুলাই:মঙলবাৰে ধুবুৰী জিলা বাৰ্তাজীৱী সংঘই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰখনত সাংবাদিক ৰাজীৱ শৰ্মাক ন্যায় প্ৰদানৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মৰত প্ৰতিগৰাকী সংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাই ৷ জিলাখনৰ উপায়ুক্ত অনন্ত লাল জ্ঞানীৰ জৰিয়তে এই স্মাৰক পত্ৰখন প্ৰেৰণ কৰা হয়৷

অন্য এক খবৰৰ বাবে:জটিল সময়খিনিত জনসাধাৰণৰ প্ৰতি কি আহ্বান অভিনেত্ৰী ভ্ৰান্তি মেধীৰ ?

সংগঠনটোৰ ধুবুৰী জিলা কমিটিৰ সভাপতি আছিকূৰ ৰহমান আৰু সাধাৰণ সম্পাদক অৰুণ কুমাৰ পাল স্বাক্ষৰিত উক্ত স্মাৰক পত্ৰখনত সাংবাদিক এগৰাকীক নিজ বাসগৃহৰ পৰা নিশা অপৰাধীৰ দৰে গ্ৰেপ্তাৰ কৰি নিয়া কাৰ্যক গৰিহণা দিয়ে ৷ সাংবাদিক এগৰাকীৰ লগত সংঘটিত হোৱা এনে কাৰ্য অতিকৈ লজ্জানত বুলি স্মাৰক পত্ৰখনৰ জৰিয়তে মুখ্যমন্ত্ৰীক অৱগত কৰা হয় ৷

Last Updated : Oct 8, 2022, 10:02 AM IST

ABOUT THE AUTHOR

...view details