ধুৱুৰী,7 জুলাই : কৰ'ণাৰ গণ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য কৰি ধুবুৰী জিলা প্ৰশাসনে 8 জুলাইৰ পৰা লক ডাউন ঘোষণা কৰিছে। জিলা প্ৰশাসনে জাৰি কৰা এক জাননী মতে, 8 জুলাইৰ সন্ধিয়া সাত বজাৰ পৰা 16 জুলাইৰ পুৱা সাত বজালৈকে লক ডাউন বলবৎ থাকিব জিলাখনত। লক ডাউনৰ সময়ত,ধুবুৰী জিলাৰ সকলো দৈনিক আৰু সাপ্তাহিক বজাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। আনহাতে দ্বি-সাপ্তাহিক হাট আৰু বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিয়াৰ লগতে উক্ত সময়চোৱাত সমগ্ৰ জিলাখনত ৰিক্সা,অটো ৰিক্সা আৰু ই-ৰিক্সাৰ চলাচলত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰী কৰা হৈছে বুলি জানিব পৰা গৈছে ।
ধুবুৰীত লক ডাউন ঘোষণা জিলা প্ৰশাসনৰ - কৰ‘ণাৰ গণ সংক্ৰমণ প্ৰতিৰোধ
ধুবুৰীত লক ডাউন ঘোষণা জিলা প্ৰশাসনৰ 8 জুলাইৰ পৰা 16 জুলাইলৈকে।কামৰূপ মে‘ট্ৰৰ আৰু ধুবুৰী জিলাৰ মাজত অহা যোৱা বন্ধ ঘোষণা সকলো লোকৰে।
ধুবুৰী জিলা উপায়ুক্তই মঙলবাৰে জাৰী কৰা আন এখন জাননী অনুসৰি পুনৰ নিৰ্দেশ নিদিয়ালৈকে মঙলবাৰৰ পৰা কোনো ব্যক্তিয়ে কামৰূপ মেট্ৰ' আৰু ধুবুৰী জিলাৰ মাজত সকলো ৰাইজৰ অহা-যোৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলি উল্লেখ কৰে ৷ উক্ত নিৰ্দেশটোত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী সকলক নিজৰ নিজৰ বিভাগৰ কোনো কৰ্মচাৰী যাতে ধুবুৰী জিলা আৰু কামৰূপ মেট্ৰ'ৰ মাজত অহা-যোৱা নকৰে সেয়া সুনিশ্চিত কৰিবলৈ কোৱা হৈছে ৷ মুঠৰ ওপৰত কৰ‘ণাৰ গণ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত কঠোৰ হৈছে ধুবুৰী জিলা প্ৰশাসনে।
লগতে পঢ়কঃ ভূমি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত বাধা জয়পুৰ আৰক্ষীৰ