ধুবুৰী,11 ফেব্ৰুৱাৰী: ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আৰু সহকাৰী ভূমি বন্দোবস্তি প্ৰাধিকাৰীৰ কাৰ্য্যালয়ত মাটি নামজাৰী আৰু কিনাবেচাৰ নামত ব্যপক দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন । অভিযোগ অনুসৰি ধুবুৰী জিলাৰ গৌৰীপুৰৰ আশাৰীকান্দি মৌজাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এই তেৰ বিঘা মাটি ২০১৬ চনত ক্ৰয় কৰিছিল চিৰাজুল হক নামৰ এইজন লোক । চিৰাজুল হকৰ অভিযোগ যে শিল্পা মিত্তালৰ পৰা মাটিখিনি ক্ৰয় কৰাৰ পিছত তেওঁৰ নামত নামজাৰী সম্পন্ন হোৱাৰ লগতে আনকি খাজনা দি থকা হৈছে । কিন্তু হঠাৎ ইয়াৰে প্ৰায় চাৰি বিঘা মাটি পুনৰ শিল্পা মিত্তালৰ নামত নামজাৰী কৰা হয় । বৰ্তমান আশাৰীকান্দি মৌজাৰ লাট মণ্ডল নমেজ উদ্দিন মণ্ডল আৰু ৰাজহ চক্ৰ বিষয়া জয় শংকৰ শৰ্মাৰ বিৰুদ্ধে এই কাৰ্যৰ লগত জড়িত থকাৰ গুৰতৰ অভিযোগ উত্থাপন কৰিছে চিৰাজুল হকে ৷
ধুবুৰীত মাটি নামজাৰী আৰু কিনাবেচাৰ নামত চৰম দুৰ্নীতি - ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু সহকাৰী ভূমি বন্দোবস্তি প্ৰাধিকাৰীৰ কাৰ্য্যালয়ত দুৰ্নীতি
ধুবুৰীতমাটি নামজাৰী আৰু কিনা বেচাৰ নামত চলিছে চৰম দুৰ্নীতি । নিশাৰ ভিতৰতেই কেৱল ধনৰ বিনিময়ত এজনৰ মাটি আনজনৰ নামত কৰা হয় নামজাৰী ৷ ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু সহকাৰী ভূমি বন্দোবস্তি প্ৰাধিকাৰীৰ কাৰ্য্যালয়ত চলিছে দালালৰাজ ৷ এই অভিযোগ উত্থাপন আশাৰীকান্দি মৌজাৰ লাট মণ্ডল নমেজ উদ্দিন মণ্ডল আৰু ৰাজহ চক্ৰ বিষয়া জয় শংকৰ শৰ্মাৰ বিৰুদ্ধে ৷
ধুবুৰীত মাটি নামজাৰী আৰু কিনাবেচাৰ নামত চৰম দুৰ্নীতি
TAGGED:
Dhuburi land corruption