অসম

assam

ETV Bharat / state

ভাৰত-বাংলা সীমান্তত গ্ৰেপ্তাৰ চাৰি চোৰাং গৰু সৰবৰাহকাৰী - ভাৰত-বাংলা সীমান্তত গ্ৰেপ্তাৰ চাৰি চোৰাং গৰু সৰবৰাহকাৰী

মানকাচৰৰ ভাৰত-বাংলা সীমান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিজনকৈ চোৰাং গৰু সৰবৰাহকাৰী ৷ আদালতে চাৰিও গৰাকী সৰবৰাহকাৰীক ধুবুৰী জে'ল হাজোতলৈ প্ৰেৰণ কৰে ৷

ভাৰত-বাংলা সীমান্তত গ্ৰেপ্তাৰ চাৰিজন চোৰাং গৰু সৰবৰাহকাৰী

By

Published : Nov 23, 2019, 8:59 PM IST

ধুবুৰী, 23 নৱেম্বৰ : মানকাছাৰৰ ভাৰত বাংলা সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় ৷ শনিবাৰে মানকাছাৰৰ ভাৰত-বাংলা সীমান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিজনকৈ চোৰাং গৰু সৰবৰাহকাৰী ৷ তথ্য অনুসৰি, মানকাছাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত চলোৱা অভিযানত মানকাছাৰৰ ভাৰত-বাংলা সীমান্তৰ চৰ কুকুৰমাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সৰবৰাহকাৰীকেইজনক ৷

ভাৰত-বাংলা সীমান্তত গ্ৰেপ্তাৰ চাৰিজন চোৰাং গৰু সৰবৰাহকাৰী

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গৰুৰ চোৰাং সৰবৰাহকাৰীকেইজন হ'ল কুকুৰমাৰাৰছাকুমুদ্দিন,ওমৰ আলীআৰু গজাৰীকান্দীৰ ইফতিকাৰ হুছেইন আৰু ওখৰাবাৰীৰ কালু মিঞা ৷ আৰক্ষীয়ে সৰবৰাহকাৰী কেইজনক আটক কৰি হাটশিঙিমাৰী ন্যায়িক আদালতত হাজিৰ কৰায় তাৰপিচতে আদালতে চাৰিও গৰাকীক ধুবুৰী জে'ল হাজোতলৈ প্ৰেৰণ কৰে ৷

অন্য এক খবৰৰ বাবে ; অষ্টম শ্ৰেণীৰ ছাত্ৰৰ চমক: সাজি উলিয়ালে নাৰিকল ৰোকা যন্ত্ৰ

ABOUT THE AUTHOR

...view details