অসম

assam

ETV Bharat / state

বানাক্ৰান্তৰ পৰিস্থিতি বুজ ল’বলৈ চাপৰত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম

বান পৰিস্থিতিয়ে জৰুলা কৰা চাপৰ অঞ্চল পৰিৰ্দশন প্ৰমীলা ৰাণী ব্ৰহ্মৰ ৷ বানাক্ৰান্তৰ লগত মত বিনিময় ৷ সমস্যা সামাধানৰ আশ্বাস প্ৰদান ৷

By

Published : Jul 26, 2020, 12:09 PM IST

dhuburi-flood-situation-observe-pramila-rani-bharhma
বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ ল’বলৈ চাপৰত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম

পূৱ বিলাসীপাৰা,২৬ জুলাইঃ ভয়াবহ বানে সৰ্বস্বান্ত কৰিছে সমগ্ৰ ৰাজ্যবাসীক । শেহতীয়াকৈ এপষেকত দুটাকৈ বানৰ কবলত পৰিছে পশ্চিম অসমৰ বিভিন্ন অঞ্চল । বিশেষকৈ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ, চম্পাৱতী নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে শ শ গাঁও । খাদ্যৰ অভাৱত অনাহাৰে কটাবলগীয়া জিন হৈছে বানাক্ৰান্তই ৷

বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ ল’বলৈ চাপৰত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম

দেওবাৰে বানে জৰুলা কৰা বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ ল’বলৈ চাপৰত উপস্থিত হয় গৈ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম । মন্ত্ৰী গৰাকীয়ে বিলাসীপাৰা মহকুমাৰ বিভিন্ন বানাক্ৰান্ত শিৱিৰ পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ লগত মত বিনিময় কৰি সহায়ৰ আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়কঃ শক্তি বিভাগৰ অভিযন্তাৰ বিৰুদ্ধে সৰৱ গোৰেশ্বৰবাসী

ABOUT THE AUTHOR

...view details