অসম

assam

ETV Bharat / state

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ জলধাৰাৰ মাজত বিপজ্জনক অৱস্থাত এটা বিশাল অট্টালিকা - দেৱাঞ্জলী ৰেষ্টুৰেণ্টৰ অট্টালিকা

পৃথিৱীৰ ভিতৰতে ভূমিকম্প প্ৰৱণ অঞ্চলত আছে ধুবুৰী । নৰ্থ ইষ্ট ফাইভ জ'নত আছে ধুবুৰী । সেয়ে যিকোনো মুহূৰ্তত ভয়ংকৰ বিপদৰ সন্মুখীন হব পাৰে ধুবুৰী । কিন্তু এইলৈ দুৰ্যোগ প্ৰশমন বিভাগ চিন্তিত হলেও ৰহস্যজনক ভাবে নিদ্ৰাৰত জিলা প্ৰশাসন । এই সন্দৰ্ভত চাঁওক ইটিভি ভাৰতৰ এই বিশেষ প্ৰতিবেদন

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ জলধাৰাৰ মাজত বিপজ্জনক অৱস্থাত এটা বিশাল অট্টালিকা

By

Published : Sep 8, 2019, 6:08 PM IST

ধুবুৰী, 8 ছেপ্তেম্বৰ : ভূমিকম্প আহিলেই সাৱধান ধুবুৰীবাসী । কাৰণ ৮ ৰিকটাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি আহিলেই নিশ্চিত বিপদ আহিব পাৰে ধুবুৰীৰ বাবে । কাৰণ ধুবুৰী নৰ্থ ইষ্ট ফাইভ জ'নত থকাৰ বিপৰীতে পৃথিৱীৰ ভিতৰতে ভূমিকম্প প্ৰৱণ অঞ্চলত আছে ধুবুৰী । এই কথা উল্লেখ কৰিছে ধুবুৰী জিলা দুৰ্যোগ প্ৰসমন বিভাগৰ প্ৰকল্প বিষয়া মফাৰজল সৰকাৰে । কিন্তু আচৰ্যজনক যে ধুবুৰীত এক বা দুই মহলীয়া নহয়, মহাবহুৰ বুকু খান্দি ছয় মহলীয়া অট্টালিকা নিৰ্মাণ কৰা হৈছে ব্ৰহ্মপুত্ৰৰ পাৰৰ গভীৰ জলভাগত ৷ এই বিশাল অট্টালিকাটো হৈছে দেৱাঞ্জলী ৰেষ্টুৰেণ্টৰ অট্টালিকা ৷ এতিয়া প্ৰশ্ন হয় পৃথিৱীৰ ভিতৰত আটাইতকৈ ভূমিকম্প প্ৰৱণ অঞ্চলত থাকিও এইদৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ জলভাগত ছয় মহলীয়া অট্টালিকা নিৰ্মাণৰ অনুমতি কোনে দিলে আৰু কেনেকৈ দিলে? কিন্তু এই বিষয়ে বৰ্তমান মুখ খুলিব বিচৰা নাই অট্টালিকা নিৰ্মাণৰ সেউজ সংকেত দিয়া জিলা প্ৰশাসন আৰু ধুবুৰী পৌৰসভাই ।

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ জলধাৰাৰ মাজত বিপজ্জনক অৱস্থাত এটা বিশাল অট্টালিকা
ইপিনে উক্ত ঘটনা সন্দৰ্ভত সংবাদ মানধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত জিলা উপায়ুক্ত জ্ঞানীয়ে ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে অতিৰিক্ত উপায়ুক্ত তথা ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া অনুপ কুমাৰ ব্ৰহ্মক । এই বিষয়ত প্ৰতিক্ৰিয়া লোৱাৰ বাবে উপস্থিত হৈছিল আমাৰ সাংবাদিক ৷ কিন্তু ৰহস্যজনক যে সংবাদ মাধ্যমত হেনো মুখ খুলিব নোৱাৰে বিষয়া গৰাকীয়ে ৷ উল্লেখযোগ্য যে, ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ নাকৰ তলতেই ব্ৰহ্মপুত্ৰৰ পাৰৰ জলভাগত ছয় মহলীয়া অট্টালিকা নিৰ্মাণৰ পিছতো নীৰৱ হৈ আছে উপায়ুক্ত গৰাকী ৷

ABOUT THE AUTHOR

...view details