অসম

assam

ETV Bharat / state

হাটশিঙিমাৰীত বিধায়ক সহ আটক শতাধিক কংগ্ৰেছ কৰ্মী - প্ৰতিবাদকাৰী

হাটশিঙিমাৰীত কংগ্ৰেছে পেট্ৰ'ল ডিজেলৰ মুল্য বৃদ্ধিকলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মানকাচৰ জিলা কংগ্ৰেছৰ সভাপতি তথা মানকাচৰ বিধানসভা সমষ্টিৰ বিধায়ক ডা৹ মতিউৰ ৰহমান মণ্ডলে ।

হাটশিঙিমাৰীত বিধায়ক সহ আটক শতাধিক কংগ্ৰেছ কৰ্মী
হাটশিঙিমাৰীত বিধায়ক সহ আটক শতাধিক কংগ্ৰেছ কৰ্মী

By

Published : Jun 29, 2020, 9:57 PM IST

ধুবুৰী, 29 জুনঃ মূল্যবৃদ্ধিৰ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আৰক্ষীৰ হাতত আটক হ'ল জনপ্ৰতিনিধি সহ শতাধিক কংগ্ৰেছ কৰ্মী । দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছৰ সভাপতি তথা মানকাচৰ বিধানসভা সমষ্টিৰ বিধায়ক ডা৹ মতিউৰ ৰহমানৰ লগতে তেওঁৰ পুত্ৰ মহিবুল ইছলাম মণ্ডল, ফেকামাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি দুলাল চন্দ্ৰ সাহা সহ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীক প্ৰতিবাদস্থলীৰ পৰা আটক কৰে আৰক্ষীয়ে ।

বিধায়ক সহ আটক শতাধিক কংগ্ৰেছ কৰ্মী
পেট্ৰ'ল ডিজেলৰ মুল্য বৃদ্ধিকলৈ প্ৰতিবাদী কাৰ্যসূচী

বিগত কিছুদিন ধৰি বৃদ্ধি পাই থকা পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমূখত গ্ৰহণ কৰিছিল এই প্ৰতিবাদী কাৰ্যসূচী । দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছে আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰেমানকাচৰ জিলা কংগ্ৰেছৰ সভাপতি তথা মানকাচৰ বিধানসভা সমষ্টিৰ বিধায়ক ডা৹ মতিউৰ ৰহমান মণ্ডলেও ।

হাটশিঙিমাৰীত বিধায়ক সহ আটক শতাধিক কংগ্ৰেছ কৰ্মী
আটক শতাধিক কংগ্ৰেছ কৰ্মী

প্ৰতিবাদকাৰী সকলে শীঘ্ৰেই পেট্ৰ'ল- ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ দাবী জনায় ।

ABOUT THE AUTHOR

...view details