ধুবুৰী,২১জুন: ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ। তিনিমাহে বিধ্বস্ত হৈ থকা ধুবুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে ইটিভি ভাৰতত সম্প্ৰচাৰিত হৈছিল এক বাতৰি। এই বাতৰি প্ৰচাৰিত হোৱাৰ পাছতেই পথটো মেৰামতিৰ বাবে তৎপৰ হ'ল বিভাগীয় কৰ্তৃপক্ষ ।
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: বিধ্বস্ত পথত চলিল মেৰামতি
তিনিমাহে বিধ্বস্ত হৈ থকা ধুবুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি বাবে তৎপৰ হ'ল বিভাগীয় কৰ্তৃপক্ষ, ইটিভি ভাৰতত সম্প্ৰচাৰিত হোৱা বাতৰিৰ পাছতেই গা-লৰিল বিভাগীয় কৰ্তৃপক্ষৰ
বিধ্বস্ত পথৰ চলিল মেৰামতি
উল্লেখ্য যে, ধুবুৰী আৰু গৌৰীপুৰ সংযোগী পূৰ্বৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথটো তিনিমাহ ধৰি বিধ্বস্ত হৈ পৰি আছিল। পথটো মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন জনািছিল যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাছিল কৰ্তৃপক্ষই । কিন্তু দুদিন পূৰ্বে ইটিভি ভাৰতত পথটো সন্দৰ্ভত যুগুতোৱা হৈছিল এক বাতৰি। ইয়াৰ পাছতেই বিভাগীয় এন.এইচ কৰ্তৃপক্ষই আৰম্ভ কৰিলে পথটোৰ মেৰামতিৰ কাম। বৰ্তমান পূৰ্ণ গতিত মেৰামতিৰ কাম চলিছে যদিও মেৰামতিৰ নামত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
Last Updated : Jun 21, 2019, 6:28 PM IST