অসম

assam

ETV Bharat / state

নুৰজাহান বিবিৰ কথা শুনিব কোনে ?

আজিপৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস গৃহ লাভ নকৰিলে ধুবুৰীৰ দূৰ্ভগীয়া মহিলা নুৰজাহান বিবিয়ে ৷ বিনামূলীয়া ঘৰৰ নামত বৰ্তমানলৈকে খৰছ কৰিলে আঠৰ পৰা ন হাজাৰ টকা ৷

দূৰ্ভগীয়া মহিলা
নুৰজাহান বিবি

By

Published : Mar 20, 2020, 5:21 PM IST

Updated : Mar 20, 2020, 7:32 PM IST

ধুবুৰী,20 মাৰ্চ : ধুবুৰী পৌৰসভাত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি ৰূপায়ণত চৰম খেলিমেলিৰ সৃষ্টি হৈছে । এটা ঘৰৰ বাবে বছৰৰ পাচত বছৰ ধৰি হাবাথুৰি খাব লগা হৈছে অসহায় দৰিদ্ৰ হিতাধিকাৰীয়ে ।

নুৰজাহান বিবিৰ ভগা পঁজা

ধুবুৰীৰ ইন্দিৰা গান্ধী পথৰ চৈধ্য নম্বৰ ৱাৰ্ডৰ নুৰজাহান বিবি নামৰ এগৰাকী বিধৱা মহিলাইও এটা চৰকাৰী ঘৰ লাভৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে ৷ উল্লেখযোগ্য যে,দুবছৰ পূৰ্বে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী তথা নুৰজাহান বিবিৰ স্বামী আয়নাল হকৰ মৃত্যু হোৱাৰ পাচৰ পৰা সংগ্ৰাম চলাই আহিছে পৰিয়ালটোৱে ৷

নুৰজাহান বিবিৰ ভগা পঁজা

প্ৰায় চাৰি বছৰ পূৰ্বে নুৰজাহান বিবিয়ে ঘৰৰ বাবে আবেদন কৰি যাৱতীয় নথি-পত্ৰ জমা দিছিল ধুবুৰী পৌৰসভাত। বিনামূলীয়াকৈ ঘৰ লাভৰ বাবে তেওঁ বৰ্তমানলৈকে খৰচ কৰিবলগীয়া হৈছে আঠৰ পৰা ন হাজাৰ টকা। কাৰণ টকা নিদিলে ফাইল লৰচৰ নকৰে ৱাৰ্ড কমিচনাৰ আৰু পৌৰসভাই। ইয়াৰ পাচতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ঘৰ লাভ কৰিবলৈ সক্ষম নহ'ল দুৰ্ভগীয়া মহিলাগৰাকী।

নুৰজাহান বিবি

উল্লেখ্য যে, এবছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পত্ৰ লাভ কৰিছে নুৰজাহান বিবিয়ে। বৰ্তমান তিনিগৰাকী কন্যা সন্তানেৰে এক ভগা জুপুৰীত জীৱন সংগ্ৰাম চলাইছিল মহিলা গৰাকীয়ে ৷

আজিপৰ্যন্ত লাভ নকৰিলে প্ৰধানমন্ত্ৰী আৱাস গৃহ

আৰু পঢ়ক : শিৱসাগৰত অখিলক সাক্ষাৎ মাতৃ প্ৰিয়দা গগৈৰ

Last Updated : Mar 20, 2020, 7:32 PM IST

ABOUT THE AUTHOR

...view details