অসম

assam

ETV Bharat / state

ধুবুৰীত গাত জুই লগাই বোৱাৰীক হত্যাৰ অভিযোগ

ধুবুৰীৰ মধুশৌলমাৰী গাঁৱত গাত কেৰাচিন ঢালি পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে স্বামী পৰিয়ালৰ বিৰুদ্ধে । ধুবুৰী জিলাৰ মধুশৌলমাৰী গাঁৱত যোৱা ২৪ নৱেম্বৰ তাৰিখে সংঘটিত হৈছিল ভয়ংকৰ কাণ্ডটো । ৰছিদা বিবি নামৰ এগৰাকী বোৱাৰীক স্বামী গৃহৰ লোকে প্ৰাণে মৰাৰ বাবে শৰীৰত জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে ।

By

Published : Dec 6, 2020, 3:42 PM IST

dhubri-suspected-murder
ধুবুৰীত গাত জুই লগাই বোৱাৰীক হত্যাৰ অভিযোগ

ধুবুৰী, 6 ডিচেম্বৰ : ধুবুৰীৰ মধুশৌলমাৰী গাঁৱত গাত কেৰাচিন ঢালি পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে স্বামী পৰিয়ালৰ বিৰুদ্ধে । ধুবুৰী জিলাৰ মধুশৌলমাৰী গাঁৱত যোৱা ২৪ নৱেম্বৰ তাৰিখে সংঘটিত হৈছিল ভয়ংকৰ কাণ্ডটো । ৰছিদা বিবি নামৰ এগৰাকী বোৱাৰীক স্বামী গৃহৰ লোকে প্ৰাণে মৰাৰ বাবে শৰীৰত জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে । উক্ত ঘটনাৰ পিছতেই স্বামী আমিনুৰ ৰহমানে মহিলাগৰাকীক হাস্পতালত ভৰ্তি কৰায় যদিও পৰৱৰ্তী সময়ত হাস্পতালৰ পৰা পলায়ন কৰে স্বামীসহ পৰিয়ালৰ লোকে ।

ধুবুৰীত গাত জুই লগাই বোৱাৰীক হত্যাৰ অভিযোগ

ঘটনাৰ খবৰ লাভ কৰিয়েই মহিলাগৰাকীৰ পৰিয়ালৰ লোক আহি উপস্থিত হয় ধুবুৰী অসামৰিক চিকিৎলালয়ত । জীয়েকৰ স্বীকাৰোক্তিৰ ভিত্তিত ২৭ নৱেম্বৰত পিতৃয়ে মূল অভিযুক্ত তিনিজনৰ বিৰুদ্ধে গৌৰীপুৰ থানাত গোচৰ ৰুজু কৰায় । পিতৃয়ে দাখিল কৰা গোচৰৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীৰ তদন্তকাৰী বিষয়া আব্দুল জলিলে তদন্ত আৰম্ভ কৰে । তদন্তত অগ্নিদগ্ধ হোৱা এটি সন্তানৰ মাতৃ ৰছিদা বিবিয়ে আৰক্ষীক ঘটনা সম্পৰ্কত তিনিগৰাকী অভিযুক্তই কেনেকৈ শৰীৰত জুই লগাই দিছিল তাৰ বিৱৰণী দিছিল বুলি পৰিয়ালৰ লোকে জানিব দিয়ে । কিন্তু ইয়াৰ পাছতো আজিকোপতি আৰক্ষীয়ে আটক নকৰিলে এজনো অভিযুক্তক ৷

তদন্তকাৰী বিষয়া আব্দুল জলিল

এতিয়া আৰক্ষীয়ে অভিযুক্তৰ পৰা ধন লৈ ওলোটাই গোচৰীয়াক জেলত সোমোৱাৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰিছে পিতৃ পৰিয়ালে । ইতিমধ্যে শনিবাৰে সংকটজনক অৱস্থাত মৃত্যুক আঁকোৱালি লৈছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷

অভিযুক্তক এইদৰে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হোৱা তদন্তকাৰী আৰক্ষী বিষয়া তথা এছ.আই আব্দুল জলিলৰ বিৰুদ্ধে আৰক্ষীৰ শীৰ্ষ মহলে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক: চালকক ধন দাবী কৰি গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান

ABOUT THE AUTHOR

...view details