অসম

assam

ETV Bharat / state

কৰ'ণাত আক্ৰান্ত ধুবুৰীৰ আৰক্ষী অধীক্ষক - ক'ভিড-১৯ পজিটিভ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ধুবুৰী জিলাতো দৈনিক বৃদ্ধি পাই আহিছে ক'ৰণা আক্ৰান্তৰ সংখ্যা । বৰ্তমানলৈকে জিলাখনত আক্ৰান্ত হৈছে ২০০ৰো অধিক লোক ।  শেহতীয়াকৈ জিলাখনৰ আৰক্ষী অধীক্ষক গৰাকীও আক্ৰান্ত হৈছে ক'ৰণাত । বৰ্তমান চিকিৎসকৰ পৰামৰ্শ অনুযায়ী বিভাগটোৰ গেষ্ট হাউছত হোম আইশ্যলেচনত আছে আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকী ।

dhubri-superintendent-of-police-infected-by-covid
ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক গৰাকীও হৈছে ক'ৰণাত আক্ৰান্ত

By

Published : Aug 19, 2020, 6:43 PM IST

ধুবুৰী,১৯আগষ্ট: দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী জিলাতো মহামাৰী ক'ৰণাই লৈছে ভয়ংকৰ ৰূপ । বৰ্তমানলৈকে জিলাখনত আক্ৰান্ত হৈছে দুই সহস্ৰাধিক লোক।

শেহতীয়াকৈ কৰণাত আক্ৰান্ত হৈছে ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । মঙলবাৰে ধুবুৰীৰ ছয়জনকৈ আৰক্ষী জোৱানৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতেই বুধবাৰে জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰো সংগ্ৰহ ক'ৰা হৈছিল স্বাৱ । স্বাৱ পৰীক্ষাৰ ফলাফলত শীৰ্ষ আৰক্ষী বিষয়া গৰাকীৰ দেহতো পোৱা গ'ল ক'ভিড-১৯ পজিটিভ ।

ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক গৰাকীও হৈছে ক'ৰণাত আক্ৰান্ত

উল্লেখযোগ্য যে, ১৭ আগষ্টত ধুবুৰী সদৰ আৰক্ষী থানাৰ পুনৰ নিৰ্মিত ভৱনটোৰ উদ্ধোধনী অনুস্থানত মুখ্য অতিথি হিচাবে উপস্থিত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জিলা আৰক্ষী অধীক্ষক গাকীয়ে জনাইছিল সম্বৰ্ধনা ।

ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক গৰাকীও হৈছে ক'ৰণাত আক্ৰান্ত

আনহাতে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ ডা: এম চি বৰ্মণ নামৰ এগৰাকী চিকিৎসকৰ দেহতো ধৰা পৰিছে ক'ভিড-১৯ পজিটিভৰ ভাইৰাছ ।

জিলা স্বাস্থ্য বিভাগৰ সূত্ৰে জানিব পৰা মতে, জিলাখনৰ আৰক্ষী গেষ্ট হাউছত হোম আইশ্বেলছনত আছে আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকী । ইফালে চিকিৎসক ডা: এম চি বর্মনক ধুবুৰী অসামৰিক চিকিৎসালয়ত ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ।

ABOUT THE AUTHOR

...view details