অসম

assam

ETV Bharat / state

ED summoned Rahul Gandhi : ধুবুৰীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী - Congress marches behind Rahul

ৰাজ্যৰ ভিন্ন স্থানৰ লগতে ধুবুৰীৰ ৰাজীৱ ভৱনতো সোমবাৰে জিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰৱৰ্তক সঞ্চালকালয়ৰ(Enforcement Directorate) ফালৰ পৰা কংগ্ৰেছী নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে চমন জাৰি কৰাৰ পিচতেই জাঙুৰ খাই উঠিছে ধুবুৰী জিলা কংগ্ৰেছ (ED summoned Rahul Gandhi) ।

dhubri-state-congress-protest-over-ed-summons-to-rahul-gandhi
ED summoned Rahul Gandhi : ধুবুৰীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

By

Published : Jun 14, 2022, 11:47 AM IST

ধুবুৰী, 14 জুন :ৰাজ্যৰ ভিন্ন স্থানৰ লগতে ধুবুৰীৰ ৰাজীৱ ভৱনতো সোমবাৰে জিলা কংগ্ৰেছে প্ৰতিবাদী(Dhubri district Congress protest) কাৰ্যসূচী ৰূপায়ণ কৰে ৷ দুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ প্ৰৱৰ্তক সঞ্চালকালয়ৰ(Enforcement Directorate) ফালৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ চমন জাৰি কৰাৰ পিচতেই জাঙুৰ খাই উঠিছে কংগ্ৰেছ । ৰাহুল গান্ধীৰ নিজা NGOৰ প্ৰসংগক লৈ বিজেপি চৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰৰে তেওঁৰ বিৰুদ্ধে উঠি পৰি লগিছে বুলি ধুবুৰী জিলা কংগ্ৰেছে অভিযোগ তোলে ।

উল্লেখ্য যে, ED য়ে Money launderingৰ গোচৰত তলব কৰাৰ পাচতে সোমবাৰে এক সমদল কৰি দিল্লীৰ ইডিৰ কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী (ED summons Rahul Gandhi) ৷ এই প্ৰতিবাদী সমদলত অংশ লোৱা বহু কেইজন কংগ্ৰেছ নেতাক আটক কৰে দিল্লী আৰক্ষীয়ে ৷ আটক কৰা কংগ্ৰেছ নেতাসকলৰ ভিতৰত আছে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, ৰণদীপ সূৰ্যেৱালা, কে চি বেনুগোপাল আৰু অধীৰ ৰঞ্জন চৌধুৰী ৷

ধুবুৰীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

সোমবাৰে দিনৰ প্ৰায় 11 বজাত দিল্লীৰ আকবৰ ৰোডত থকা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা ইডিৰ কাৰ্যালয়লৈ পদব্ৰজে যাত্ৰা কৰে ৰাহুল গান্ধীয়ে (Congress marches behind Rahul) ৷ এই যাত্ৰাত ৰাহুলক সংগ দিয়ে প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আদিয়ে ৷ ৰাহুল গান্ধীয়ে কোনো গোচৰ সন্দৰ্ভত সোধা-পোচাৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ সন্মুখত ঠিয় দিয়াৰ ঘটনাই এতিয়া কংগ্ৰেছৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে (Rahul appears before ED) ৷

লগতে পঢ়ক :Rahul appears before ED: দেশজুৰি কংগ্ৰেছ নেতা-কৰ্মীক আটক

ABOUT THE AUTHOR

...view details