ধুবুৰী,9 মে’:দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰা ধুবুৰীৰ ঐতিহাসিক ৰূপসী বিমানবন্দৰ শনিবাৰে প্ৰাণ পাই উঠিছে । আশীৰ দশকত বন্ধ হৈ পৰা ৰূপসী বিমানবন্দৰ সুদীৰ্ঘ চাৰিটা দশকে বন-জংঘলে আৱৰি ৰাখিছিল । প্ৰতিটো মুহুৰ্তত মৃত্যুৰ ক্ষণ গণিছিল ৰূপসী বিমানবন্দৰে । যদিও বিগত প্ৰায় তিনিটা বছৰে ৰূপসী বিমানবন্দৰ পুনৰ নিৰ্মাণ কৰিলে এয়াৰপ’ৰ্ট অথৰিটি অৱ ইণ্ডিয়াই । যোৱা বৰ্ষত বিমানবন্দৰৰ নির্মাণ কার্য সম্পন্ন হৈছে যদিও বিমান চলাচল আৰম্ভ হোৱা নাছিল ।
অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত শনিবাৰৰ পৰা FLYBIG কোম্পানীৰ বিমান সেৱা আৰম্ভ হয় । শনিবাৰে দিনৰ প্ৰায় 12 বজাত 25 জন যাত্ৰী কঢ়িয়াই নিয়া FLYBIG Airline ৰ ATR-72 বিমানখন অৱতাৰণ কৰে ৰূপসী বিমানবন্দৰত । তাৰ পিছতেই যাত্ৰীবাহী বিমানখনে আধাঘণ্টা বিৰতিৰ পিছত পুনৰ কলিকতালৈ উৰা মাৰে । কিন্তু ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল নামনি অসমৰ লগতে পশ্চিমবংগ । ইপিনে প্ৰথমখন বিমানৰ যাত্ৰী হিচাপে গুৱাহাটীৰ পৰা ৰূপসীলৈ অহা বিধায়ক নিজানুৰ ৰহমানে সন্তুষ্টি প্ৰকাশ কৰি এইক্ষেত্ৰত সাংসদ বদৰুদ্দিন আজমলক কৃতিত্ব প্ৰদান কৰে ।
ইপিনে বিমানবন্দৰটোত পুনৰ বিমানৰ চলাচল আৰম্ভ হোৱাত নামনি অসমৰ কেইবাখনো জিলাৰ যাতায়তৰ সুবিধা হোৱাৰ বিপৰীতে বাণিজ্যিক ক্ষেত্ৰতো এক নতুন দিগন্তৰ সূচনা কৰিলে বুলি মন্তব্য কৰে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত ভাস্কৰ ফুকনে ৷ আনহাতে, কোকৰাঝাৰৰ লগতে বিমানবন্দৰত এয়াৰপ’ৰ্ট অথৰিটি অৱ ইণ্ডিয়াৰ নিৰাপত্তা বাহিনীৰ উপৰিও অসম আৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰিব বুলি কৈ 70 গৰাকী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে বুলি প্ৰকাশ কৰে ৷ নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ কথাও ষ্পষ্টকৈ প্ৰকাশ কৰে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে ।